দুৰ্নীতিৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ তৃতীয় স্থানত ভাৰত; আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত ভূটান

সূচকৰ গণনাত প্ৰকৃত বাস্তৱ উন্মোচিত হৈছে। বিশ্বজুৰি দুৰ্নীতিৰ তালিকাত দক্ষিণ এছিয়াৰ ভিতৰত তৃতীয় স্থানত আছে ভাৰত।

আনহাতে, দুখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশ দুৰ্নীতিৰ বোকাত নিমজ্জিত হৈছে।

জাৰ্মানিৰ ট্ৰেন্সপাৰেন্সি ইন্টাৰনেশ্যনেল (টি আই)য়ে প্ৰকাশ কৰিছে দুৰ্নীতিৰ ধাৰণা সূচক ২০২০ৰ তালিকা। তালিকাত ১০০ ভিতৰত ৪৩ স্ক’ৰক গড় হিচাপে বিবেচনা কৰা হৈছে।

বাতৰি অনুসৰি, দক্ষিণ এছিয়াৰ ভিতৰত তালিকাৰ তৃতীয় স্থানত আছে ভাৰত। ভাৰতৰ স্ক’ৰ হৈছে ৪০।

তালিকাৰ শীৰ্ষৰ পৰা ভাৰতৰ স্থান হৈছে ৮৬সংখ্যক। ২০১৯চনৰ তুলনাত ভাৰতৰ স্থান ৬ সংখ্যা আগবাঢ়িছে।

সূচক অনুসৰি, দক্ষিণ এছিয়াত বাংলাদেশৰ ওপৰতেই আছে পাকিস্তান। দেশখনৰ স্ক’ৰ হৈছে ৩১। সেইদৰে তালিকাৰ শীৰ্ষৰ পৰা ১২৪ সংখ্যক স্থানত আছে দেশখন।

আনহাতে, বাংলাদেশৰ স্ক’ৰ হৈছে ২৬। তালিকাৰ শীৰ্ষৰ পৰা দেশখনৰ স্থান ১৪৬।  দক্ষিণ এছিয়াৰ আঠখন দেশৰ ভিতৰত বাংলাদেশতকৈয়ো অধিক দুৰ্নীতিগ্ৰস্ত দেশখন হৈছে আফগানিস্তান।

ইপিনে, এইক্ষেত্ৰত আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত দেশ হৈছে ভূটান। দেশখনৰ স্ক’ৰ হৈছে ৬৮। ভূটানে ১৮০খন দেশৰ তালিকাত ওপৰৰ পৰা ২৪ সংখ্যক স্থানত আছে।

সূচক অনুসৰি, যোৱাবছৰৰ দৰেই এইবাৰে বিশ্বৰ আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত দেশ হৈছে ডেনমাৰ্ক আৰু নিউজিলেণ্ড। দুয়োখন দেশৰেই স্ক’ৰ হৈছে ৮৮।

সেইদৰে বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ দুখন হৈছে ছুডান আৰু ছোমালিয়া। দেশ দুখনৰ স্ক’ৰ হৈছে ১২।

The post দুৰ্নীতিৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ তৃতীয় স্থানত ভাৰত; আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত ভূটান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/36oHHxt
via IFTTT

Comments