বুধবাৰে ৪০ কৃষক সংগঠনৰ বৈঠক, দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আলোচনা…

ডিজিটেল ডেস্ক : মঙলবাৰে গণতন্ত্ৰ দিৱসৰ দিনটোত নতুন কৃষি আইনৰ বিৰোধিতাৰে কৃষক সংগঠন সমূহে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হয় হিংসাত্মক কাৰ্যকলাপ । এই হিংসাত্মক কাৰ্যকলাপত কৃষক সংগঠন নহয় কোনো অসামাজিক শক্তিয়ে এই হিংসাত্মক কাৰ্য সংঘটিত কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কৃষক নেতা সকলে ।

ইফালে ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘোষনা সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ বৈঠকত অংশ ল’ব কৃষক সংগঠন সমূহে । বুধবাৰে দিনৰ ২ বজাত কৃষক নেতা সকলে এই বৈঠকত অংশ ল’ব । ৪০ টা কৃষক সংগঠনে এই বৈঠকত অংশ ল’ব । এই বৈঠকত কৃষকৰ আন্দোলন পৰবৰ্তী সময়ত কিদৰে আগুৱাই নিব সেই সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰিব ।

The post বুধবাৰে ৪০ কৃষক সংগঠনৰ বৈঠক, দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আলোচনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Yf1lrr
via IFTTT

Comments