দিদিৰ দুৰ্গত জোকাৰণি: দিল্লীলৈ গৈ অমিত শ্বাহৰ উপস্থিতিত গেৰুৱা সাজ পিন্ধিলে পাঁচ তৃণমূল নেতা-নেত্ৰীয়ে
বংগ কন্যা মমতাৰ বুকুত কঁপনি তুলি তৃণমূল কংগ্ৰেছৰ পাঁচগৰাকীকৈ নেতা-নেত্ৰীয়ে বিজেপিত যোগদান কৰিলে।
সৌসিদিনালৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি বিশ্বাসী নেতা হিচাবে পৰিচিত হৈ থকা সদ্য পদত্যাগী মন্ত্ৰী ৰাজীৱ বেনাৰ্জীৰ লগতে বৈশালী ডালমিয়া,হাওৰাৰ প্ৰাক্তন মেয়ৰ ৰথীন চক্ৰৱৰ্তী,অভিনয় ক্ষেত্ৰৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া ৰুদ্ৰনীল ঘোষ আৰু প্ৰৱীৰ ঘোষালে যোৱা নিশা বিশেষ বিমানেৰে দিল্লীলৈ গৈ বিজেপিত যোগদান কৰে।
মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তৃণমূল কংগ্ৰেছৰ এই পাঁচগৰাকী নেতো-নেত্ৰীয়ে যোৱা নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত আনুষ্ঠানিক ভাবে গেৰুৱা বসন পৰিধান কৰে।
এই ৰাজনীতিক কেইগৰাকীয়ে অমিত শ্বাহৰ প্ৰস্তাৱিত পশ্চিমবংগ ভ্ৰমণৰ সময়তে আজি অৰ্থাৎ দেওবাৰে হাওৰাৰ ডুমুৰজলা ময়দানত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰাৰ কথা আছিল যদিও দিল্লীত বিস্ফোৰণ ঘটাৰ পিছতে শ্বাহৰ ভ্ৰমণ বাতিল হোৱাত শ্বাহে তৃণমূলৰ নেতা-নেত্ৰী কেইগৰাকীক দিল্লীলৈ নিবলৈ বিশেষ চাৰ্টাৰ্ড বিমান পঠিয়াই দিয়ে।
তৃণমূলৰ নেতা-নেত্ৰী কেইগৰাকীৰ বিজেপিত যোগদানে নিশ্চিত ভাবে মমতা বেনাৰ্জীৰ দুৰ্গত আঘাত হানিব।
বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাশ বিজয়ৱাৰগিয়াই এই প্ৰসংগত মন্তব্য কৰি কয় যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছে মানুহক মাত্ৰ সপোন দেখুৱাই আহিছে।
বংগৰ প্ৰতাৰিত জনতাক মোদীৰ নেতৃত্বত বিজেপিয়ে উন্নয়নৰ বাটত আগুৱাই নিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।
তেওঁ কয় যে বিজেপিৰ নেতৃত্বতহে বংগত প্ৰকৃততে সোণাৰ বাংলা গঢ় ল’ব।
উল্লেখ্য বিগত বৰ্ষৰ ১৯ ডিচেম্বৰতো তৃণমূলৰ শক্তিশালী নেতা শুভেন্দু অধিকাৰীয়ে বিজেপিত যোগ দিছিল।
The post দিদিৰ দুৰ্গত জোকাৰণি: দিল্লীলৈ গৈ অমিত শ্বাহৰ উপস্থিতিত গেৰুৱা সাজ পিন্ধিলে পাঁচ তৃণমূল নেতা-নেত্ৰীয়ে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3pyNZCp
via IFTTT
Comments
Post a Comment