অসমলৈ আহিব ফ্ৰান্সৰ মন্ত্ৰী বাৰবাৰা পম্পিলি; ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ভাৰত-ফ্ৰান্সৰ মাজত বিকাশমূলক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে পাঁচদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ফ্ৰান্সৰ জলবায়ু পৰিৱৰ্তন পৰিক্ৰম বিভাগৰ মন্ত্ৰী বাৰবাৰা পম্পিলিয়ে তেওঁৰ ভ্ৰমণৰ সময়ত অসমলৈও আহিব।

মন্ত্ৰী পম্পিলিয়ে তেওঁৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ (এপিএফবিচি) এক ক্ষেত্ৰৰ লগতে আইআইটি গুৱাহাটীও পৰিদৰ্শন কৰিব।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, ফ্ৰান্স ডেভেলপমেন্ট এজেন্সিয়ে ২০১২ চনৰ পৰাই ৰাজ্যখনৰ জৈৱবৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা, বনাঞ্চলৰ বিকাশ তথা ব্যৱস্থাপনা আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়ৰ বাবে বিকল্প জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত এপিএফবিচিৰ বিত্তীয় তথা কাৰিকৰী সাহায্য প্ৰদানৰ জৰিয়তে অসমৰ সৈতে কাম কৰি আছে।

যোৱা ১১ জানুৱাৰীত পেৰিচত অনুষ্ঠিত ৱান প্লেনেট ছামিটৰ আঁত ধৰি মন্ত্ৰী পম্পিলিয়ে জৈৱবৈচিত্ৰ সুৰক্ষাৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টা গঢ়ি তুলিবলৈ ভাৰত-ফ্ৰান্সৰ সহযোগিতাৰ সম্ভাৱনাসমূহ দাঙি ধৰিব।

ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে লগতে বিকল্প জীৱিকা গঢ়ি তোলাৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচীৰ পৰা উপকৃত হোৱা স্থানীয় সম্প্ৰদায়কো সাক্ষাৎ কৰিব।

আনহাতে, মন্ত্ৰীগৰাকীয়ে আইআইটি গুৱাহাটীত ভাৰতৰ প্ৰথমটো বীজানুনাশক প্লাষ্টিক বিকশিত কৰি তোলা চেন্টাৰ অপ এক্সিলেন্স –ছাছষ্টেইনেব’ল পলিমাৰৰ গৱেষকসকলৰ সৈতে মত বিনিময় কৰিব।

The post অসমলৈ আহিব ফ্ৰান্সৰ মন্ত্ৰী বাৰবাৰা পম্পিলি; ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3r23HWS
via IFTTT

Comments