নতুন বছৰৰ আৰম্ভণিতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি

নৱবৰ্ষৰ আৰম্ভণিতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি ঘটাইছে ৰাজ্যখনৰ গৃহ বিভাগে।

এক নিৰ্দেশনা যোগে গুৱাহাটীৰ জ‌ইন্ট কমিছনাৰ দেৱৰাজ উপাধ্যায়ক একে স্থানতে Join commissioner of police (অপৰাধ, আইন আৰু শৃংখলা)ৰ দায়িত্ব দিয়া হৈছে।

আবু ধাবিৰ ভাৰতৰ উচ্চায়োগৰ ফাৰ্ষ্ট চেক্ৰেটাৰী সুনীল কুমাৰক অসম আৰক্ষীৰ DIGP ৰ দায়িত্বভাৰ দিয়া হৈছে।

কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ DIGP(AP) ৰ দায়িত্ব দিয়া হৈছে।

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা (IPS) ক যোৰহাটৰ SB(EZ) কেম্পৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

পুলিচ কমিছনাৰেট, গুৱাহাটীৰ অতিৰিক্ত ডিচিপি শুভ্ৰজিৎ বৰাক পদোন্নতিসহ কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট পদলৈ বদলি কৰা হৈছে।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহন লাল মিনা(IPS)ক ওদালগুৰিৰ খাজুৱাবিলৰ তৃতীয় এটিপিএফ বেটেলিয়নৰ কমাণ্ডেন্টৰ দায়িত্ব দিয়া হৈছে।

কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট মনমোহন বড়ো(APS)ক BI(EO-1) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

নগাঁও বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট হিতেশ চন্দ্ৰ ৰয়ক কামৰূপৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

অসম আৰক্ষীৰ AIGP(Logistics) ধৰ্মেন্দ্ৰ কুমাৰ দাসক DCP(ops) ৰ দায়িত্ব দিয়া হৈছে।

order

যোৰহাটস্থিত SB(EZ) ৰ আৰক্ষী অধীক্ষক লীনা দলেক গুৱাহাটীৰ SB(Z) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ মহকুমা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বৰগোঁহাইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

সৰুপথাৰৰ মহকুমা আৰক্ষী বিষয়া পঙ্কজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দি বদলি কৰা হৈছে।

মাইবঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগেলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

সেইদৰে, নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।

The post নতুন বছৰৰ আৰম্ভণিতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/351Os7M
via IFTTT

Comments