এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি: মুকেশ আম্বানিক চেৰ পেলাই শীৰ্ষত এইগৰাকী জল সম্ৰাট

মুকেশ আম্বানি আৰু জেক মা’ক চেৰ পেলাই এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ স্থানত এইবাৰ চীনৰ ঝং স্যানস্যান। কেবল ২০২০ বৰ্ষতেই ব্যৱসায়ীগৰাকীৰ ধনৰ পৰিমান ৭০.৯ বিলিয়ন ডলাৰ বৃদ্ধি পাই হৈছেগৈ ৭৭.৮বিলিয়ন ডলাৰ।

ব্লুমবাৰ্গৰ ইনডেক্স অনুসৰি তেওঁ হৈছে বিশ্বৰ একাদশতম ধনী ব্যক্তি। যোৱা বছৰৰ আগলৈকে এই ব্যক্তিজনক চীনৰ বাহিৰত কোনেও চিনি পোৱা নাছিল।

৬৬বছৰীয়া ঝঙে আন চীনৰ ব্যৱসায়ীৰ দৰে সম্পত্তিৰ ব্যৱসায় নকৰে বা ৰাজনীতিতো তেওঁৰ কোনো আগ্ৰহ নাই। নিজৰ ইচ্ছানুসৰি ব্যৱসায় চলাই গৈছে স্যানস্যানে।

পানী আৰু ভেকচিনৰ ব্যৱসায় কৰে ঝং স্যানস্যানে। যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁ  Beijing Wantai Biological Pharmacy Enterprise Co. ৰ শ্বেয়াৰ বজাৰত এৰি দিছিল।হংকঙত তেওঁৰ মিনাৰেল ৱাটাৰ প্ৰস্তুতকাৰী Nongfu Spring Co.ৰ শ্বেয়াৰৰ দামো যথেষ্ট বৃদ্ধি পাইছে।

তেওঁৰ Nongfuৰ শ্বেয়াৰ মূল্য ১৫৫শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে Wantaiৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ২০০০শতাংশ।

যোৱা বছৰটোত মুকেশ আম্বানিৰ জিঅ’তো বহুত বৃহৎ বিনিয়োগ ঘটিছিল। আম্বানি বিশ্বৰ চতুৰ্থতম ধনী ব্যক্তি হৈ পৰিছিল। কিন্তু সম্প্ৰতি ৰিলায়েন্সৰ শ্বেয়াৰৰ অৱনতি ঘটিছে।

ইপিনে, ঝং স্যানস্যানৰ কোম্পানীয়ে কোভিড ভেকচিন প্ৰস্তুত কৰিছে আৰু তেওঁৰ আন সংস্থাসমূহেও ব্যাপক সমাদৰ লাভ কৰিছে। মুঠতে ঝঙৰ ব্যৱসায় তুংগত।

আনহাতে, জেক মা’ৰ আলিবাবাৰ ওপৰত চীনৰ কু-দৃষ্টি পৰিছে। তাৰ বাবে জেকৰ ধনৰাশি ৬১.৭ বিলিয়ন ডলাৰৰ পৰা ৫১.২ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

The post এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি: মুকেশ আম্বানিক চেৰ পেলাই শীৰ্ষত এইগৰাকী জল সম্ৰাট appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3pEBwN8
via IFTTT

Comments