বীজ সংৰক্ষণেৰে টীয়কৰ মহান বৰাই দেখুৱাইছে আদৰ্শ; আন্তৰ্জাতিক স্বীকৃতি লাভ

যোৰহাট জিলাৰ মেলেং কাঠ গাঁৱৰ নিবাসী মহান চন্দ্ৰ বৰাই নিজৰ ব্যতিক্ৰমী কৰ্মৰে ইতিমধ্যে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, থলুৱা প্ৰজাতিৰ প্ৰায় তিনিশ ধানৰ বীজৰ উপৰি অনান্য ৰাজ্যৰ ধানৰ বীজ সংৰক্ষণৰ যোগেদি তথা এনে বীজ ব্যৱহাৰ কৰি ধান পৰ্যাপ্ত পৰিমাণে লাভ কৰিবলৈ সক্ষম হৈছে মহান চন্দ্ৰ বৰা।

মহান বৰাই প্ৰতিষ্ঠা কৰা অন্নপূৰ্ণা বীজ ভড়াঁল এতিয়া আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ বিষয়। নতুন প্ৰজন্মই চিনি নোপোৱা বিলুপ্তপ্ৰায় জলডুবি, সোনাজলি, সুহাগমনি, জেঙনী, কাৰসলি, মেদেলাগুৰি, বেটুবাও, পানী মাগুৰি, শিয়াল শালি আদি বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণ কৰিছে বৰাৰ অন্নপূৰ্ণা বীজ ভঁৰালত।

উল্লেখযোগ্য যে, ২০০০ চনৰে পৰা ধানৰ বীজ সংৰক্ষণৰে জড়িত বৰাই ২০০৮ চনত নিজা প্ৰচেষ্টাৰে ঘৰতে স্থাপন কৰা এই বীজ ভড়াঁললৈ আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰিছে।

মহান বৰাৰ এই ব্যতিক্ৰমী আৰু সুদুৰপ্ৰসাৰী কাৰ্য প্ৰত্যক্ষ কৰিবৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে ৰাজ্যৰ তথা বহি: দেশৰ বহুকেইটা বেচৰকাৰী সংস্থা, কৃষক আহিছে বৰাৰ মেলেঙৰ ঘৰখনলৈ।

লক্ষ্যণীয় এই যে, বৰাই কেৱল বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণতে সীমাবদ্ধ নাথাকি বন সংকৰণৰ যোগেদি উন্নত মানৰ ধানৰ বীজ প্ৰস্তুত কৰি সেই বীজ ব্যৱহাৰ কৰি খেতি কৰি সুফল লাভ কৰিবলৈ সক্ষম হৈছে।

এখন ধানৰ বীজ সন্দৰ্ভত বিদ্যালয় স্থাপনৰ দীৰ্ঘদিনীয়া সপোন নতুন বছৰটোত পূৰণ কৰাৰ প্ৰয়াস কৰিছে মহান বৰাই।

The post বীজ সংৰক্ষণেৰে টীয়কৰ মহান বৰাই দেখুৱাইছে আদৰ্শ; আন্তৰ্জাতিক স্বীকৃতি লাভ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3b83PPI
via IFTTT

Comments