গুৱাহাটীত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
মহানগৰ আৰক্ষীয়ে গুৱাহাটী গড়চুকৰ পৰা এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক হেৰ’ইনসহ আটক কৰিছে।
এটা বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে বৃহস্পতিবাৰে লোকজনক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে লোকজনে আইএছবিটি, বেটকুছিৰ পৰা গড়চুকলৈ নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিছিল।
আৰক্ষীৰ দলটোৱে লোকজনৰ পৰা ২৩ গ্ৰাম হেৰ’ইন জব্দ কৰে। চাবোনৰ দুটা কেছত আনিছিল হেৰ’ইনখিনি।
আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে।
সৰবৰাহকাৰীজনৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ড্ৰাগছ সম্বন্ধীয় তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে লোকজনক জেৰা চলাই আছে বুলি জানিব পৰা যায়।
The post গুৱাহাটীত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2X2qNj2
via IFTTT
Comments
Post a Comment