লকডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ অসমৰ যুৱক, আতংকিত হৈ চৰকাৰৰ সহায় বিচাৰি কাতৰ আহ্বান

ডিজিটেল সংবাদ, টীয়কঃ সমগ্ৰ ভাৰততে লকডাউন ঘোষণা কৰা লগে লগে যি য’ত আছিল আজি প্ৰায় এমাহৰো অধিক সময় তাতে আৱদ্ধ থাকিবলগীয়া হৈছে। অৱশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে আন্তঃ জিলা পৰিবহনৰ লগতে অসমৰ বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক স্ব-গৃহলৈ অনাৰো ব্যৱস্থা গ্ৰহণ কৰিছে।কিন্তু এতিয়াও বহিঃৰাজ্যত আৱদ্ধ বহু অসমৰ যুৱক-যুৱতী। সুদুৰ পশ্চিম বংগৰ ২৪ দক্ষিণ পাৰগঞ্জ জিলাৰ ১৪৬ নৱদিগন্ত মুকুন্দপুৰত প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰা একেটা কোঠাতে অসমৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট, বৰপেটা, তিনিচুকীয়া জিলাৰ লগতে নগালেণ্ড আৰু অৰুণাচলৰ কৰ্মসুত্ৰে কলকতাত থকা প্ৰায় কুৰিৰ অধিক যুৱক আৱদ্ধ হৈ আছে।
জানিব পৰা মতে তেওঁলোকে ইতিমধ্যে নিজ নিজ ঘৰলৈ আহিবলৈ বিমানৰ টিকটৰ বাবে সাচতীয়া ধন আগধন দিব লগা হোৱাত এতিয়া আৰ্থিক নাটনিৰ সন্মুখীন হোৱাৰ লগতে খাদ্যৰ অভাৱত পৰিছে যুৱককেইজন। তদুপৰি দিনক দিনে কোৰোনা যি হাৰত বৃদ্ধি পাইছে তাক লৈ এতিয়া সংকিত হৈ পৰিছে তেওঁলোক।

একেটা কোঠাতে থাকিবলগীয়া হোৱাত চৰকাৰী নিৰ্দেশনাও মানিব পৰা নাই। উল্লেখযোগ্য যে, তেওঁলোকৰ এই সমস্যাবোৰ অসম চৰকাৰক অৱগত কৰাৰ উদ্দেশ্যে কলকাতাৰ অসম ভৱনত আজিৰ পৰা কিছুদিন পূৰ্বে আবেদনো কৰিছিল কিন্তু এই পৰ্যন্ত কোনো সুদুত্তৰ নাপালে দুৰ্ভগীয়া যুৱকসকলে। সেয়ে এতিয়া অসম চৰকাৰৰ সহায় বিচাৰিছে তেঁওলোকে।
The post লকডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ অসমৰ যুৱক, আতংকিত হৈ চৰকাৰৰ সহায় বিচাৰি কাতৰ আহ্বান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eVrEKc
via IFTTT
Comments
Post a Comment