১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাট…

ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইটামান ক্ষণ। পুৱা ১১ বজাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাট। প্ৰধানমন্ত্ৰী হিচাপে প্ৰতি দেওবাৰে দেশবাসীক সম্বোধন কৰা মন কি বাটে ২৬ এপ্ৰিল, ২০২০ অৰ্থাৎ দেওবাৰে ৬৪ টা সংস্কৰণত ভৰি দিব। ইতিমধ্যে মন কি বাট অনুষ্ঠানৰ কথা টুইটাৰযোগেও প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে।
ইয়াৰ পূৰ্বৰ মন কি বাটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ কথা আলোচনা কৰিছিল। উল্লেখ্য যে, কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ভাৰতত এতিয়ালৈকে ৮২৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইফালে কোৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৩ মে’ লৈকে দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে।
The post ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KCdobf
via IFTTT
Comments
Post a Comment