দিল্লীত চিকিৎসাৰ বাবে গৈ ক’ৰ’নাত আক্ৰান্ত বোকাখাতৰ দম্পতি; চিকিৎসাধীন

ৰাজধানী দিল্লীত উন্নত চিকিৎসাৰ বাবে গৈ ক’ৰ’নাত আক্ৰান্ত হৈছে বোকাখাতৰ এহাল স্বামী-স্ত্ৰী।

বোকাখাতৰ মহমাইকী গাঁৱৰ নিৱাসী অজিত শইকীয়াই তেওঁৰ পত্নী বন্তি শইকীয়া চিকিৎসাৰ বাবে ল’কডাউনৰ পূৰ্বেই দিল্লীলৈ গৈছিল ৷

দিল্লীত পত্নী বন্তি শইকীয়াৰ চিকিৎসা চলি থকা অৱস্থাতেই পতি পত্নী অজিত শইকীয়া কোভিড-১৯-ত আক্ৰান্ত হয়।

শৰীৰত মৰাত্মক কভিড-১৯-ৰ উপস্থিতি ধৰা পৰাৰ পাচত বৰ্তমান দুয়ো স্বামী-স্ত্ৰী ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি হস্পিতালৰ আইচ’লেশ্ব্যন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷

অজিত শইকীয়া আৰু বন্তি শইকীয়াৰ লগত দিল্লীলৈ গৈছিল একে গাওঁৰে কংকনজ্যোতি বৰা নামৰ এজন যুৱক ৷

দিল্লীত কংকনজ্যোতি বৰাৰো কভিড-১৯ টেষ্ট কৰা হৈছে যদিও ফলাফল এতিয়ালৈকে অহা নায়৷

কংকনজ্যোতি বৰাকো সম্প্ৰতি আইচলেশ্বনত ৰখা হৈছে ৷ অজিত শইকীয়াই বোকাখাতৰ পানবাৰীত থকা  কৃষি বিভাগৰ ফিল্ড ট্ৰায়েল ষ্টেচনত গৱেষণা সহায়ক হিচাবে কাম কৰি যোৱা বছৰ জুন মাহত অৱসৰ গ্ৰহন কৰিছিল ৷

ব্যক্তিজনৰ ঘৰ কমাৰগাঁৱত যদিও অৱসৰৰ পাচত বোকাখাতত নিজাকৈ ঘৰ সাঁজি থাকিবলৈ লৈছিল ৷ সম্প্ৰতি দিল্লীতে চিকিৎসাধীন হৈ আছে অজিত শইকীয়া আৰু তেওঁৰ পৰিবাৰ।

The post দিল্লীত চিকিৎসাৰ বাবে গৈ ক’ৰ’নাত আক্ৰান্ত বোকাখাতৰ দম্পতি; চিকিৎসাধীন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3bMBjB1
via IFTTT

Comments