শনিবাৰৰে পৰা দেশৰ সকলো দোকান খুলিব পাৰিবঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়…

ডিজিটেল ডেস্কঃ শনিবাৰৰে পৰা দেশত সকলো দোকান খুলিব পাৰিব বুলি শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। শুকুৰবাৰে নিশা দেশৰ কোটি কোটি ব্যৱসায়ীক এই ভাল খবৰটো দিলে গৃহ মন্ত্ৰণালয়ে। জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, শনিবাৰে পুৱাৰে পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত সকলো পঞ্জীয়নভুক্ত দোকান খুলিব পাৰিব। কিন্তু শ্বপিং মল, জিম অথবা শ্বপিং কমপ্লেস্ক আদি প্ৰতিষ্ঠানসমূহ লকডাউন শেষ নোহোৱা পৰ্যন্ত বন্ধ ৰাখিব লাগিব।
গৃহ মন্ত্ৰণালয়ে লগতে দোকানী সকলৰ বাবে কেইটামান চৰ্তয়ো বান্ধি দিছে। সকলো দোকানত ৫০ শতাংশ কৰ্মচাৰীয়ে এই কেইটা দিন কৰ্ম সম্পাদন কৰিব লাগিব। সামাজিক দুৰত্বৰ লগতে গ্ৰাহক আৰু দোকানী উভয়ে মাস্ক পৰিধান কৰাটো বাঞ্চনীয়।
এই নিৰ্দেশনাত লগতে স্পষ্ট কৰি দিয়া হৈছে যে, বৰ্তমানেও বজাৰ সমূহ খুলি দিয়াৰ বাবে কেন্দ্ৰই কোনো নিৰ্দেশনা জাৰি কৰা নাই। গতিকে ৩ মে’ পৰ্যন্ত দেশত যাতে কোনো বজাৰ নবহে তাৰ প্ৰতি প্ৰশাসনে চকু ৰাখক। আনহাতে যিবোৰ অঞ্চল কোৰোনাৰ সংক্ৰমণৰ কেন্দ্ৰ হিচাপে গণ্য কৰি ৰেড জনত অন্তভুক্ত কৰা হৈছে, তেনে অঞ্চলত কোনো দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা নাই কেন্দ্ৰই।
The post শনিবাৰৰে পৰা দেশৰ সকলো দোকান খুলিব পাৰিবঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/355bAkC
via IFTTT
Comments
Post a Comment