ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত হোৱাটছএপে চাৰিৰ পৰা আঠ গৰাকীলৈ বৃদ্ধি কৰিলে ভিডিঅ’ কলত অংশ ল’ব পৰাৰ সুবিধা
ক’ৰ’না ভাইৰাছ মহামাৰীৰ বাবে সমগ্ৰ বিশ্বত ল’কডাউন চলি থকাৰ সময়ত জনপ্ৰিয় মোবাইল এপ হোৱাটছএপে গ্ৰুপ ভইচ আৰু ভিডিঅ’ কলৰ সুবিধা সৰ্বাধিক আঠগৰাকীলৈ বৃদ্ধি কৰিছে।
হোৱাটছএপৰ শেহতীয়া সংস্কৰণত নতুনকৈ আঠগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কলত অংশ গ্ৰহণ কৰিব পাৰিব।
ইয়াৰ পূৰ্বে হোৱাটছএপত চাৰি গৰাকী ব্যৱহাৰকাৰীয়ে গ্ৰুপ ভইচ কল বা ভিডিঅ’ কলত অংশ গ্ৰহণ কৰিব পাৰিছিল।
উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্বত ল’কডাউন চলি থকাৰ সময়ত বিগত এমাহত সমগ্ৰ বিশ্বত মানুহে ১৫ বিলিয়ন মিনিট হোৱাটছএপ কলত অংশ লৈছে বুলি হোৱাটছএপৰ তৰফৰ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, বৰ্তমান বিশ্বত ৩০ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ২ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু মুখত পৰিছে।
অসমতো ৩৭ গৰাকী লোক ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ মৃত্যু হৈছে।
The post ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত হোৱাটছএপে চাৰিৰ পৰা আঠ গৰাকীলৈ বৃদ্ধি কৰিলে ভিডিঅ’ কলত অংশ ল’ব পৰাৰ সুবিধা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2SguGz6
via IFTTT
Comments
Post a Comment