চিন্তাৰ কোনো কাৰণ নাই, এখন হাস্পতালৰ বিশেষ পদক্ষেপ, সংক্ৰমণ নহয় কোৰোনাৰ…

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা চিন্তাৰ কাৰণ নাই। ৰোগীৰ দেহৰ পৰা চিকিৎসক-চিকিৎসাকৰ্মীলৈ সংক্ৰমিত নহয় কোৰোনা ভাইৰাছ। বাংগালুৰুৰৰ ভিক্টোৰিয়া হাস্পতালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ৰোগীক ঔষধৰ লগতে খাদ্য যোগান ধৰিব ৰবটে। যাৰ বাবে হাস্পতালখনৰ কৰ্মচাৰীসকলৰো কোৰোনাৰ সংক্ৰমণক লৈ থকা ভয় আতৰিছে।

উল্লেখ্য যে, কৰ্ণাটকত কোৰোনাত মুঠ আক্ৰান্ত হৈছে ৫০০ জন লোক। তাৰে ১৮ জনৰ মৃত্যু হৈছে। লগতে ১৫৮ জন লোক আৰোগ্য হৈ উঠিছে।

শনিবাৰে মুঠ ১৫ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। নতুনকৈ কোৰোনাত আক্ৰান্তসকলৰ ভিতৰত বাংগালুৰু চহৰ আৰু হায়াৰবাগেৱাড়ীৰ ৬জনকৈ লোক আছে। বাংগালুৰুত কোৰোনাত আক্ৰান্ত ৬ জন লোকৰ ভিতৰত এজন সাংবাদিকো আছে।

The post চিন্তাৰ কোনো কাৰণ নাই, এখন হাস্পতালৰ বিশেষ পদক্ষেপ, সংক্ৰমণ নহয় কোৰোনাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S84NkU
via IFTTT

Comments