বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস অসুস্থ; গুৱাহাটীৰ এপলো হাস্পতালত চিকিৎসাধীন

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠক বৰ্তমান অসুস্থ৷

ডেকা সত্ৰাধিকাৰ গৰাকী যোৱা ১৪ এপ্ৰিলত পিঠিৰ বিষত ভূগি থকাৰ ফলত বৰপেটাত চিকিৎসাধীন হৈছিল৷

কিন্তু এই বিষ নিৰাময় নোহোৱাত উন্নত চিকিৎসাৰ বাবে কালি তেখেতক পৰিয়ালৰ লোকে গুৱাহাটীৰ এপলো হাস্পতালত ভৰ্তি কৰায়৷

ডেকা সত্ৰীয়া গৰাকীক বৰ্তমান আই চি ইউত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে৷

ডেকা সত্ৰীয়া গৰাকীৰ অসুস্থ হোৱাৰ খবৰে বৰপেটাবাসী মৰ্মাহত হৈছে আৰু তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰিছে সত্ৰ নগৰী বৰপেটাবাসীয়ে।

The post বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস অসুস্থ; গুৱাহাটীৰ এপলো হাস্পতালত চিকিৎসাধীন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2YjQAFw
via IFTTT

Comments