বিয়া পাৰ্টিত দৰাকে ধৰি ১৬ জনৰ দেহত ওলাল কৰ’না পজিটিভ; ভৰিবলগা হ’ল ৬লাখ টকাৰ জৰিমনা
এখন বিয়া পাৰ্টিত যোগ দিয়া ১৬জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে যাৰ ভিতৰত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫৮জন লোকক কোৱাৰেন্টাইন কৰা হৈছে।
ৰাজস্থানৰ ভীলৱাড়াত কৰ’না মহামাৰীৰ সংহাৰৰ মাজতে এখন বিয়াৰ পাৰ্টিত যোগ দিয়া বহুকেইজন লোকৰ জীৱনলৈ এইদৰে সংকট নামি আহে।
জিলা প্ৰশাসনে পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাই নহয় লগতে ৬লাখ টকাতকৈয়ো অধিক জৰিমনা তিনিদিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে।
বাতৰি অনুসৰি, চহৰখনৰ ভদাদা গলিৰ ঘীচুলাল ৰাঠীৰ পুত্ৰ ৰিজুলৰ বিয়া ১৩জুনত হৈ যায়। পৰিয়ালটোৱে প্ৰশাসনৰ তৰফৰ পৰা অনুমতি লোৱাৰ সময়ত তেওঁলোকক ৫০জনতকৈ অধিক লোকৰ নিমন্ত্ৰণ নকৰাৰ বাবে চৰ্ত বান্ধি দিয়ে।
কিন্তু বিয়াখনত নিৰ্দ্ধাৰিত সংখ্যাতকৈ অধিক লোকে যোগদান কৰে।
ডাঙৰ কথাটো হ’ল যে দৰাকে ধৰি ১৬জন লোকৰ কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰে আৰু তাৰ ভিতৰতে এজন আক্ৰান্ত লোকৰ মৃত্যু ঘটে।
জিলা প্ৰশাসনে ইয়াৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ কৰি দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা ৫১ আৰু সাধাৰণ লোকৰ জীৱন বিপদলৈ ঠেলি দিয়াৰ বাবে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ তৰে।
এই বিয়াখনত যোগ দিয়া লোক আক্ৰান্ত হোৱাৰ প্ৰথম ঘটনাটো যোৱা ১৯ জুনত পোহৰলৈ আহে আৰু এতিয়ালৈ ১৬জনৰ দেহত পজিটিভ ধৰা পৰাৰ লগতে আৰু অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে।
জিলা প্ৰশাসনৰ আদেশ অনুসৰি, বিয়াত যোগ দিয়া ১৫জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু আন ৫৮জন লোকক কোৱাৰেন্টাইনত ৰখা হৈছে।
এই ঘটনাত ৰাজ্য চৰকাৰৰ কোৱাৰেন্টাইন ৱাৰ্ড, কোৱাৰেন্টাইন চেন্টাৰৰ সুবিধা, খোৱাবোৱা,পৰিবহন তথা এম্বুলেন্স আদিৰ বাবে প্ৰায় ৬,২৬,০০০টকা খৰচ হৈছে।
জিলা অধিকাৰীক এই ধন ৰাশি পৰিয়ালটোৰ পৰা তিনিদিনৰ ভিতৰত আদায় কৰি মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিত জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
The post বিয়া পাৰ্টিত দৰাকে ধৰি ১৬ জনৰ দেহত ওলাল কৰ’না পজিটিভ; ভৰিবলগা হ’ল ৬লাখ টকাৰ জৰিমনা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3eGktoN
via IFTTT
Comments
Post a Comment