বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ; কাষৰীয়া ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান

কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা কাৰ্বি লাংপি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহাত নৈৰ কাষৰীয়া গাঁওসমূহ যিকোনো মূহুৰ্ততে বানৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গাঁওবাসী সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখন শ্লুইচ গে’ট খুলি দিয়া হৈছে। ৩, ৪, ৫, ৬ আৰু ৭ নম্বৰ গে’ট কেইখনৰে পানী এৰি দিয়া হৈছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সমূহ জিলাই যোৱা কিছুদিন ধৰি বাৰিষাৰ বানত ডুব গৈ আছে। উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি জিলা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত।

ডিব্ৰুগড় জিলাৰ ৩ হাজাৰৰো অধিক বান ক্ষতিগ্ৰস্তই প্ৰশাসনে বনাই দিয়া ২৬টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।

The post বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ; কাষৰীয়া ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2BIeYYb
via IFTTT

Comments