ক’ৰ’নাতংকৰ মাজতে পৰ্যটকৰ বাবে মুলকি কৰা হ’ল পেৰিছৰ আইফেল টাৱাৰ : চিন্তিত WHO
ইউৰোপত ক্ৰমশঃ হ্ৰাস পাইছে নেকি ক’ৰ’নাৰ সংক্ৰমণ ?
বিগত এক মাহ ধৰি ইউৰোপত ক’ৰ’নাৰ সংক্ৰমণৰ ঘটনা কমিছে বুলি বাতৰি প্ৰকাশ পাইছে।
অৱশ্যে ব্ৰিটেইনত এতিয়াও অব্যাহত আছে ক’ৰ’নাতংক।
ইউৰোপৰ এখন অন্যতম প্ৰধান ৰাষ্ট্ৰ ব্ৰিটেইনত যোৱা দুদিনত ক্ৰমে ১৫৪ আৰু ১৪৯ গৰাকী ক’ৰ’নাক্ৰান্তৰ মৃত্যু হোৱাৰো খবৰ আহিছে।
ইপিনে সমগ্ৰ বিশ্বত আক্ৰান্ত সংখ্যাই ৯৬ লাখ চুইছেগৈ।
ইউৰোপত ক’ৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা দেশসমূহত যাতে নতুনকৈ আকৌ সংক্ৰমণ নহয় তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ বাৰে বাৰে সতৰ্ক কৰি দিছে ইউৰোপৰ দেশসমূহক।
ইফালে ইউৰোপৰ কিছুমান দেশে সংক্ৰমণৰ মাত্ৰা কমি যোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা দেশা গৈছে।
এই ক্ষেত্ৰতো WHOএ সতৰ্ক কৰি আহিছে ইউৰোপৰ দেশসমূহক।
WHOৰ মতে আনলকৰ সময়ত সাৱধান নহ’লে আকৌ ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব গোটেই বিশ্ব।
“১১খন দেশত সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি ঘটিছে।” এইদৰে WHOৰ আঞ্চলিক অধিৰ্কতা হান্স হেনৰি ক্ল’জে।
ইফালে ফ্ৰান্সতো কোভিড১৯ সংক্ৰমণ হ্ৰাস হোৱাৰ ফলত তিনি মাহৰ পিছত আইফেল টাৱাৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।
আনহাতে অহা ৪ জুলাইৰ পৰা ব্ৰিটেইনৰ পাবসমূহো খোলাৰ কথা।
ইয়াকেলৈ বিশ্ব স্বাস্থ্য সংস্থা(WHO)চিন্তিত হৈ পৰিছে।
The post ক’ৰ’নাতংকৰ মাজতে পৰ্যটকৰ বাবে মুলকি কৰা হ’ল পেৰিছৰ আইফেল টাৱাৰ : চিন্তিত WHO appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31l070p
via IFTTT
Comments
Post a Comment