গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পঠালে ওভতাই; ৰাইজে পৰিয়ালক কৰিলে কোৱাৰেন্টাইন

গুৱাহাটী মহানগৰত চৰকাৰে কোভিড-১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ১৪ দিনীয়া লকডাউন ঘোষণা কৰাৰ লগে লগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে একাংশ লোকে নিজ গৃহলৈ ঢাপলি মেলিছে।

বিগত দুটা দিন ধৰি গুৱাহাটীৰ পৰা গোৱালপাৰা,বঙাইগাঁও,ধুবুৰী, মানকাচৰ আদিলৈ বাছৰে আহিছে শ শ লোক ৷

গণ সংক্ৰমণ ঘটা গুৱাহাটীৰ পৰা বাছৰে অহা এই লোক সকলে বাছৰ ভিতৰতো গ্ৰহণ কৰা নাই সামাজিক দূৰত্বৰ নিয়ম।

ইপিনে, গুৱাহাটীৰ পৰা অহা এই লোকসকলে গাৱঁসমূহত  প্ৰবেশ কৰাৰ পিছতে এই অঞ্চল সমূহতো গুৱাহাটীৰ দৰে কোভিড-১৯ ৰ গণ সংক্ৰমন হোৱাৰ আশংকা কৰিছে একাংশ লোকে ৷

কিয়নো গণ সংক্ৰমিত এলেকাৰ পৰা অহা এই সকল লোকৰ কোনো স্বাস্থ্য পৰীক্ষা কৰা নাই ৷

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি গুৱাহাটীত লকডাউন ঘোষণাৰ পিছতে নিজ গৃহলৈ বুলি অহা এগাৰাকী মহিলাসহ দুই সন্তানক গণ সংক্ৰমণৰ আশংকাত ৰাতিটো ৰাখি পুৱাই পুনৰ গুৱাহাটীলৈ পঠাই দিয়াৰ এক খবৰ আহিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পৰা শনিবাৰে বিয়লি কৃষ্ণাইৰ টকুৰাৰ নিজ ঘৰত  দুই সন্তান সহ এগৰাকী মহিলা উপস্থিত হোৱাৰ খবৰ লাভ কৰি স্থানীয়লোকে আশা কৰ্মীক খবৰ দিয়ে।

আশা কৰ্মী গৰাকীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ আহা লোক কেইজনক হোম কোৱাৰেন্টাইন কৰাৰ পৰামৰ্শ দি গুচি যায় ৷

ইপিনে, পৰিয়ালৰ মুৰব্বীয়ে হোম কোৱাৰেন্টাইন হোৱাৰ ভয়ত মহিলা সহ দুই সন্তানক ৰাতিপুৱাই পুনৰ গুৱাহাটীলৈ ওভতাই পঠায় ৷

ঘটনাৰ সবিশেষ জানিব পাৰি স্থানীয় একাংশ লোক অঞ্চলটোত গণ সংক্ৰমণ হব পাৰে বুলি চিন্তিত হৈ পৰে।

অৱশ্যে গুৱাহাটীৰ পৰা অহা লোকসকলে যিহেতু এটা ৰাতি পৰিয়ালৰ সতে অতিবাহিত কৰিলে সেই কাৰনে স্থানীয়লোকে পৰিয়ালটোক নিজাববীয়াকৈ ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰে৷

গুৱাহাটীৰ পিছতে ৰাজ্যৰ অন্যপ্ৰান্তত গণ সংক্ৰমণৰ আশংকাত ৰাইজ চিন্তিত হোৱা পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকসকলক স্বাস্থ্য বিভাগ অথবা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই ৷

The post গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পঠালে ওভতাই; ৰাইজে পৰিয়ালক কৰিলে কোৱাৰেন্টাইন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/38hdAYI
via IFTTT

Comments