ডাঙৰ খৱৰ: কৰ’নাৰ প্ৰথমটো ভাৰতীয় ভেকচিন প্ৰস্তুত; জুলাইতে আৰম্ভ হ’ব মানৱ পৰীক্ষণ
কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে এটা ভাল খৱৰ। ভাৰতত কোভিড-১৯ৰ প্ৰখমটো ভেকচিন প্ৰস্তুত কৰি তোলা হৈছে।
ভাৰত বায়’টেক নামৰ কোম্পানীটোৱে কোভাক্সিন নামেৰে এই ভেকচিনটো প্ৰস্তুত কৰি তুলিছে।
ভাল খৱৰটো হৈছে যে এই ভেকচিনৰ মানৱ পৰীক্ষণৰ বাবে অনুমতি দিয়া হৈছে। সোমবাৰে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)ই ভাৰত বায়’টেকক এই অনুমতি প্ৰদান কৰে।
ভাৰত বায়’টেক হায়দৰাবাদৰ এটা ফাৰ্মা কোম্পানী। কোম্পানীটোৱে ডিচিজিআইৰ পৰা মানৱ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰাৰ কথা জানিবলৈ দিছে।
কোম্পানীটোৱে জানিবলৈ দিয়া মতে জুলাইৰ প্ৰথম সপ্তাহতে এই পৰীক্ষণ আৰম্ভ কৰা হ’ব।
ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত বায়টেক পুৰণি অভিজ্ঞতা সম্পন্ন কোম্পানী।
ইয়াৰ পূৰ্বে কোম্পানীটোৱে প’লিঅ’,ৰেবিজ. ৰোটাভাইৰাছ, জাপানী এনকেফেলাইটিছ, চিকনগুনিয়া আৰু জিকা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিছিল।
ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন প্ৰথমটো স্বদেশী ভেকচিন।
কোম্পানীটোৱে প্ৰি-ক্লিনিকেল ষ্টাডিজ আৰু হিউমেন ৰেছপন্সৰ প্ৰতিবেদন চৰকাৰৰ হাতত দাখিল কৰিছে।
ইয়াৰ পাছতে ডিচিজিআই আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ অনুমতি দিয়ে।
এতিয়া জুলাই মাহতে গোটেই দেশতে এই ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ কৰা হ’ব।
কোভাক্সিনৰ সফল পৰীক্ষণ সম্পন্ন হ’লে ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দিশত এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে পৰিগণিত হ’ব।
The post ডাঙৰ খৱৰ: কৰ’নাৰ প্ৰথমটো ভাৰতীয় ভেকচিন প্ৰস্তুত; জুলাইতে আৰম্ভ হ’ব মানৱ পৰীক্ষণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2ZkD1oa
via IFTTT
Comments
Post a Comment