অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আটক ৪ দুধৰ্ষ আলফা সদস্য

- অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক চাৰি দুধৰ্ষ আলফা সদস্য।
- দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আছাম ৰাইফলছ্ৰ ৬ আৰু ৯ নং ৰেজিমেন্টৰ দলে অভিযান চলাই আটক কৰে কেডাৰ কেইগৰাকীক।
- আটকাধীন কেডাৰকেইগৰাকী ক্ৰমে মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, চাৰ্জেন্ট অৰুপ দুৱৰা ওৰফে আঞ্চন অসম, চাৰ্জেন্ট সুৰজিত দুৱৰা ওৰফে খামন অসম আৰু চাৰ্জেন্ট জিন্টু অসম।

- আটক কৰাৰ সময়ত কেডাৰ কেইগৰাকীৰ পৰা তিনিটা আমেৰিকা আৰু চীনত নিৰ্মিত ০.৩২এমএম পিষ্টল, এটা ম্যানমাৰত নিৰ্মিত ৭.৬৫ এমএম পিষ্টল, চাৰিটা মেগজিন, আঠজাই সজীৱ পিষ্টলৰ গুলী, এটা একে চিৰিজৰ মেগজিনসহ ২০ জাই সজীৱ গুলী, মোবাইল ফোন আদি জব্দ কৰে সেনাই।

- আটকাধীন কেডাৰকেইগৰাকীয়ে ম্যানমাৰৰ টাগাত প্ৰশিক্ষণ গ্ৰহণ কৰি উজনি অসমত ধনদাবীৰ লগতে নতুন সদস্যভৰ্তীৰ অভিযানত জড়িত থকাৰ কথা প্ৰকাশ সেনাই সূত্ৰত।
- আটকাধীন কেডাৰকেইগৰাকীক ইতিমধ্যে চাংলাং লাজু থানাত গটাই দিছে ভাৰতীয় সেনাই।
The post অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আটক ৪ দুধৰ্ষ আলফা সদস্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3i9wEwe
via IFTTT
Comments
Post a Comment