কোম্পানীৰ কামলৈ গৈ সন্ধানহীন চেঙাৰ যুৱক

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙা গাঁৱৰ শালদিয়া পাৰাৰ সঞ্জীৱ পাঠক (২২) নামৰ যুৱক এজন যোৱা ২১ জুনৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে আৰ্থিকভাৱে তেনেই দুৰ্বল চেঙা গাঁৱৰ শালদিয়া পাৰাৰ নৰেশ্বৰ পাঠক আৰু নীলিমা পাঠকৰ পুত্ৰ সঞ্জীৱ পাঠকে ২১ জুনত গুৱাহাটীস্থিত এটি বিস্কুট কোম্পানীলৈ কামৰ বাবে গৈছিল। কিন্তু কোম্পানীৰ ফালৰ পৰা জনোৱা মতে সঞ্জীৱ পাঠকে গে’টৰ বাহিৰৰ পৰায়ে একপ্ৰকাৰ পলায়ন কৰি উভতি গৈছিল।

সম্প্ৰতি যুৱকজনৰ এতিয়াও কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে। এইক্ষেত্ৰত যুৱক জনৰ সম্ভেদ বিচাৰি পৰিয়ালৰ লোকে স্থানীয় তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যুৱকজনৰ সম্ভেদ পালে ওচৰৰ থানা নাইবা ৮৮৭৬২১২০১৭ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
The post কোম্পানীৰ কামলৈ গৈ সন্ধানহীন চেঙাৰ যুৱক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/385FqXw
via IFTTT
Comments
Post a Comment