পুনৰ চীনৰ ‘এল এ চি’ উলংঘন! : লাডাখ সীমান্তৰ পি পি ১৪ৰ অঞ্চলত পুনৰ ভাৰতীয় ভূমি দখল চীনৰ!
লাডাখৰ ভাৰত-চীন সীমান্তৰ পেট্ৰলিং পইণ্ট ১৪ত চীনা সৈন্যই পুনৰ ভাৰতৰ ভূখণ্ড দখল কৰিছে!
ভাৰতীয় সেনাৰ দাবী যে উক্ত অঞ্চলবোৰত নতুন আন্তঃগাঠনি নিৰ্মাণ নকৰিলেও সেই এলেকাসমূহ চীনা সৈন্যই পুনৰ দখল কৰিছে।
চীনা সৈন্যৰ উপস্থিতিৰ বাবে পেট্ৰলিং পইণ্ট ১০, ১১, ১১এ, ১২ আৰু ১৩ত টহলদাৰী ভাৰতীয় সেনা উপস্থিত হ’ব পৰা নাই বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।
ইফালে ৰাছিয়া ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আগত স্থল সেনা প্ৰধান এম এম নৰবণে সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত ইতিমধ্যে ব্যাখ্যা কৰিছে।
সীমান্তৰ পৰিস্থিতি বুজ লোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হোৱাৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীৰ।
চীনস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিস্ত্ৰিয়ে কালি কৈছিল যে, লাডাখৰ সমস্যা সমাধানৰ এটাই পথ আছে।
বেইজিঙে স্থিতাৱস্থা সলনি কৰিব খুজিলে তাৰ ফল চীনে ভুগিব লাগিব বুলিও মিস্ত্ৰিয়ে বেইজিঙক সতৰ্ক কৰি দিয়ে।
তেওঁ স্পষ্টকৈ কয় যে লাডাখ সীমান্তত ভাৰতীয় সেনাৰ টহলদাৰী পথত চীনা সৈন্যই বাধা দিয়া বন্ধ কৰিলেহে সমস্যা সমাধান কৰা সম্ভৱ হ’ব।
১৫ জুনত দুয়ো পক্ষৰ সেনাৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে দুই দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা পিছুৱাই আনিছিল।
কিন্তু ১০ দিনৰ পিছতে পুনৰ গালৱানৰ পেট্ৰিলং পইণ্ট ১৪ত চীনা সৈন্যৰ ভিৰ দেখা গৈছে বুলি সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।
সেনা সূত্ৰৰ খবৰ অনুসৰি গালৱানৰ বিস্তৃণ অঞ্চল চীনে পুনৰ দখল কৰিছে।
উই ৱাইৰ জংচনৰ পৰা পেট্ৰলিং পইণ্ট ১০, ১১, ১১এ, ১২ আৰু ১৩লৈ যোৱা পথটো চীনা সেনাই দখল কৰাৰ বাবে ভাৰতীয় টহলদাৰী সেনাই উক্ত অঞ্চলসমূহ উপস্থিত হ’ব পৰা নাই।
ইয়াৰ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিব নোৱাৰি ভাৰতৰ ভূখণ্ডৰ কেবাকিলোমিটাৰ ভিতৰত অৱদ্ধ হৈ আছে ভাৰতীয় টহলদাৰী সেনা।
The post পুনৰ চীনৰ ‘এল এ চি’ উলংঘন! : লাডাখ সীমান্তৰ পি পি ১৪ৰ অঞ্চলত পুনৰ ভাৰতীয় ভূমি দখল চীনৰ! appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2AbmVVi
via IFTTT
Comments
Post a Comment