কিয় ২০০৭ চনৰ টি-২০ বিশ্বকাপ নেখেলিলে শচীন আৰু গাংগুলীয়ে?
২০০৭ চনৰ টি-২০ বিশ্বকাপ সন্দৰ্ভত লালচন্দ ৰাজপুতে এটা চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছে। ২০০৭ ৰ বিশ্বকাপৰ ভাৰতীয় দলৰ মেনেজাৰ ৰাজপুতে শেহতীয়াকৈ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়ে টি-২০ বিশ্বকাপত কিয় অংশ লোৱা নাছিল সেই কথা প্ৰকাশ কৰিছে।
লালচন্দ ৰাজপুতে এটা সাক্ষাৎকাৰত কয় যে ভাৰতীয় দলৰ দ্যা ৱাল হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড়ে ২০০৭ বিশ্বকাপত শচীন আৰু গাংগুলীক খেলিবলৈ মানা কৰিছিল, আৰু এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল।
তেওঁ লগতে কয় যে ৰাহুল দ্ৰাবিড়ে যুৱ প্ৰতিভাক সুযোগ প্ৰদান কৰাৰ স্বাৰ্থতে শচীন আৰু গাংগুলীক উক্ত বিশ্বকাপত অংশ ল’বলৈ মানা কৰিছিল।
উল্লেখ্য যে, মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে উক্ত টি-২০ বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল।
২০০৭ চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা টি-২০ বিশ্বকাপত ৰোহিত শৰ্মা, ৰবিন উথাপ্পা, য়ুছুফ পাঠান আৰু যোগিন্দৰ শৰ্মাৰ দৰে যুৱ প্ৰতিভাক সুযোগ প্ৰদান কৰা হৈছিল।
The post কিয় ২০০৭ চনৰ টি-২০ বিশ্বকাপ নেখেলিলে শচীন আৰু গাংগুলীয়ে? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31uIDi4
via IFTTT
Comments
Post a Comment