ক’ৰ’না আৰু সীমা বিবাদ : আজি দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা আৰু চীনৰ সৈতে হোৱা সংঘাতে দেশবাসীক চিন্তিত কৰাৰ সময়তে আজি সন্ধিয়া পুনৰ এবাৰ দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিগত সময়ত মোদীয়ে ক’ৰ’না ভাইৰাছক লৈ কেইবাবাৰো দেশবাসীক সম্বোধন কৰিছিল যদিও আজি কি বিষয়ত মন্তব্য ৰাখে সেয়া জানিব পৰা হোৱা নাই।

ইতিমধ্যে ১ জুলাইৰ পৰা ৩১ জুলাইলৈকে আনলক-২ হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আনলক-২ৰ নীতি-নিয়মসমূহো জাৰি কৰি দিছে।

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫.৫ লাখ অতিক্ৰম কৰিছে। তদুপৰি যোৱা ১৫ জুনত লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় জোৱান ছহিদ হৈছিল।

ইয়াৰ মাজতে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে জনপ্ৰিয় টিকটকসহ ৫৯ টা চাইনিজ এপ বন্ধ কৰাৰ কথাও ঘোষণা কৰে।

এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক সামৰি প্ৰধান মন্ত্ৰী মোদীয়ে আজি দেশবাসীক সম্বোধন কৰিব নে আন বিষয়ৰ ওপৰত নিজৰ বক্তব্য ৰাখিব তাক লৈ সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে।

The post ক’ৰ’না আৰু সীমা বিবাদ : আজি দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2VvGbEo
via IFTTT

Comments