কণ্টেইনমেণ্ট জ’নত পৰিণত হেলেমৰ বুৰৈঘাটৰ গোপাল লহকৰৰ বাসগৃহৰ চৌহদ

ডিজিটেল সংবাদ, গহপুৰঃ যোৱা ২২ জুনত স্বাৱ দি যোৱা ২৩ জুনত সোলেঙীৰ ঘৰলৈ অহাৰ পথত গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ গোপাল লহকৰৰ পাচলি দোকানত সোমাইছিল কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি ২৫ জুনত নিশ্চিত হোৱা গহপুৰৰ সোলেঙীৰ তেজপুৰ মেডিকেল কলেজ হস্পিতালত ৱাৰ্ড বয় হিচাপে কৰ্মৰত লোচন বৰা নামৰ যুৱকজন। ২৩ জুনৰ বিয়লি প্ৰায় ১-৩০ বজাত এখন স্কুটিৰে আহি দোকানখনত সোমোৱা লোচনে সেইসময়ত দোকানখনত থকা গোপালৰ জীয়ৰী ৰীমা লহকৰৰ হাতৰ পৰা চৰবত খোৱাৰ লগতে আনাৰস ক্ৰয় কৰিছিল। ইয়াৰ বিনিময়ত লোচনে দিয়া টকা হাত পাতি লৈছিল ৰীমাই। চৰবত খোৱা গিলাছো ধুইছিল ৰীমাই। ৰীমাৰ ভগ্মী সীমাই হেলমেটতো তুলি দিছিল লোচনৰ হাতত।
ইয়াৰ পিছত চুবুৰীয়া দুই-এক লোক গোপাল লহকৰৰ পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল। বিষয়টোক লৈ সমগ্ৰ বুৰৈঘাট আৰু টকৌবাৰী অঞ্চলত গভীৰ আতংকৰ সৃষ্টি হোৱাৰ পিছত ২৭ জুনৰ বিয়লিৰে গোপাল লহকৰৰ বাসগৃহৰ চৌহদ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে। তদুপৰি স্বাস্থ্য বিভাগে দোকানী পৰিয়ালটোৰ গোপাল লহকৰ(৫২),তুলিকা লহকৰ(৩৫),সুভদ্ৰা লহকৰ(৮০),ৰীমা লহকৰ(২১),সীমা লহকৰ(১৯),দীপিকা লহকৰ(১৪),মণিকা লহকৰ(৭)আৰু ঈশান লহকৰ(২)ৰ পৰা স্বাৱ সংগ্ৰহ কৰি ইতিমধ্যে কোভিড পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

সম্প্ৰতি হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাৰ তত্বাবধানত তেওঁৰ ঘৰৰ সন্মুখত আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ লোক মোতায়েন কৰি তেওঁৰ ঘৰলৈ যাতে কোনো লোক অহা-যোৱা কৰিব নোৱাৰে তাৰ বাবে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে বুৰেঘাট উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম নিজৰা দাসৰ নেতৃত্বত আৰু স্থানীয় আশা কৰ্মীৰ সহযোগত স্বাস্থ্য সন্মত দিশ সমূহ নিৰীক্ষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে, লোচন বৰাৰ সোলেঙীৰ বাসগৃহৰ সমীপৰ এটা অংশ আৰু বড়িগাৱৰ এটা পৰিয়ালৰ ঘৰৰ চৌহদো যোৱা ২৬ জুনৰ পুৱা ১০ বজাৰ পৰা কইণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।
The post কণ্টেইনমেণ্ট জ’নত পৰিণত হেলেমৰ বুৰৈঘাটৰ গোপাল লহকৰৰ বাসগৃহৰ চৌহদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VuHqnn
via IFTTT
Comments
Post a Comment