নাগালেণ্ডৰ আইন- শৃংখলা অৱনতিত অসন্তুষ্ট ৰাজ্যপাল আৰ এন ৰবি :

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত ক্ৰমাৎ আইন শৃংখলাৰ অৱনতি ঘটা আৰু সশস্ত্ৰ গোটৰ সমান্তৰাল শাসনক চলাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি নাগালেণ্ডৰ পৰা ভাৰতীয় সংবিধানৰ ৩৭১এ(১)বি) অনুচ্ছেদটো প্ৰত্যাহাৰৰ কঠোৰ সকীয়নি দি আজি ৰাজ্যপাল আৰ এন ৰবিয়ে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅলৈ লিখা এক পত্ৰই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅলৈ লিখা চাৰি পৃষ্ঠাজোৰা পত্ৰত ৰাজ্যপাল আৰ এন ৰবিয়ে ৰাজ্য চৰকাৰক এই বুলি সতৰ্ক কৰি দিয়ে যে ৰাজ্যত ক্ৰমাৎ প্ৰত্যেক দিনাই আইন -শৃংখলাৰ পৰিবেশ অৱনতি ঘটিছে। সংবিধানৰ দ্বাৰা গঠিত এখন চৰকাৰক সশস্ত্ৰ গোটসমূহে প্ৰত্যেক দিনাই প্ৰত্যাহ্বান জনাবলৈ ধৰিছে , যিটো বৰ্তমান ৰাষ্ট্ৰৰ সাৰ্বভৌম আৰু অখণ্ডতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে । তদুপৰি ৰাজ্যত আইন – শৃংখলা ব্যৱস্থা ক্ৰমাৎ অদায়িত্বশীল হৈ পৰিছে ।

এনে প্ৰেক্ষাপটত ভাৰতীয় সংবিধানৰ ৪৭১এ(১)(বি ) অনুচ্ছেদৰ ৰক্ষাৰ স্বাৰ্থত ৰাজ্যখনৰ আইন শৃংখলা ব্যৱস্থা প্ৰতি তেওঁ ৰাজ্যপাল হিচাপে নিজৰ দায়িত্ব পালনৰ আঁতৰি থাকিব নোৱাৰে । গতিকে তেওঁ ৰাজ্য চৰকাৰক এই বুলি পৰামৰ্শ আগবঢ়াই যে ৰাজ্যৰ জিলা পৰ্যায়ৰ আইন ব্যৱস্থাৰ দায়িত্ব থকা বিষয়াসকলৰ বদলি আৰু নিযুক্তিৰ সিদ্ধান্ত ৰাজ্যপালৰ অনুমতিৰ পিছত হ’ব লাগে ।

লগতে ৰাজ্যৰ আইন শৃংখলাৰ পৰিস্থিতি আৰু দিক- নিৰ্দেশনা সময়ে সময়ে পৰ্যালোচনা কৰাৰ ৰাজ্য চৰকাৰক প্ৰস্তাব দিয়ে । তদুপৰি ৰাজ্যপাল ৰবিয়ে নাগালেণ্ডৰ আইন – শৃংখলাৰ দায়িত্ব থকা বিষয়াসকল অধিক দায়বদ্ধ আৰু জবাবদিহি কৰিব বাবে বাৰ্ষিক কৰ্ম দক্ষতাৰ মূল্যাংকন কৰাটো বিচাৰে । আৰ এন ৰবিয়ে পত্ৰ আৰু এই কথা উল্লেখ কৰিছে যে তেওঁ যেতিয়া ২০১৯ চনত নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰে তেতিয়াৰ পৰাই তেওঁ পৰ্যবেক্ষণ কৰিছে যে নাগালেণ্ডত এক ডজনকৈ অধিক সশস্ত্ৰ বিদ্ৰোহী গোটে আইন- শৃংখলাৰ প্ৰতি প্ৰতিবন্ধকতা সৃষ্টি কৰি সমান্তৰাল চৰকাৰ চলাই সংবিধানি চৰকাৰৰ বৈধতা প্ৰতিও এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছে যিটো চৰকাৰী ব্যৱস্থাৰ প্ৰতি বিশ্বাসৰ সংকট সৃষ্টি কৰিছে ‌।

বৰ্তমান চৰকাৰক এনে সশস্ত্ৰ গোটসমূহে হেঁচা প্ৰয়োগ কৰি আহিছে । যাৰ বাবে ট্ৰাফ কণ্ট্ৰলৰ বাবে এই সশস্ত্ৰ গোটে ফায়াৰি‌ং পাৱাৰ প্ৰদৰ্শন কৰি জনসাধাৰণক প্ৰতিনিয়ত আতংকিত কৰি আহিছে ‌ । ৰাজ্যপাল আৰ ৰবিয়ে নাগালেণ্ডৰ শেহতীয়া আইন শৃংখলাত খেদ প্ৰকাশ কৰি কয় সশস্ত্ৰ বিদ্ৰোহী গোটৰ ধনদাবী বাবে নাগালেণ্ড লৈ সৰবৰাহ হোৱা সামগ্ৰীৰ পৰিবহণ খৰচ ২০০% বৃদ্ধি পাইছে । যাৰে বাবে বস্তুৰ মূল্য বৃদ্ধি পাইছে । এয়া সম্পূৰ্ণ অবৈধ কাৰ্যকলাপ ।

এনে কাৰ্যকলাপ ইতিমধ্যে নাগালেণ্ডৰ নাগৰিক সমাজে প্ৰতিবাদ কৰিছে । সশস্ত্ৰ গোটসমূহে নাগালেণ্ডৰ বাবে আবন্টন হোৱা পথ যোগাযোগ , স্বাস্থ্য আৰু শিক্ষাৰ দৰে বুনিয়াদী আন্তগাঁথনিৰ পুঁজিৰ ধন কাটি নিয়াৰ তথ্য ভাৰতৰ নিয়ন্ত্রণক আৰু মহালেখাৰ প্ৰতিবেদনত প্ৰমাণিত হৈছে । ইয়াৰ বাবে সশস্ত্ৰ গোটসমূহক দায়িত্ব কৰি ৰবিয়ে ক্ষোভেৰে উল্লেখ কৰিছে যে ২০২০ চনৰ ১১ জানুৱাৰীত তেওঁ নাগালেণ্ডৰ আইন শৃংখলাৰ পৰ্যালোচনা বৈঠকৰ বাবে ৰাজ্যৰ মুখ্য সচিব আৰু ডি জি পিক এছ আই টি গঠন কৰিবলৈ পৰামৰ্শ দিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত তেওঁ হতাশ হৈছে ।

ৰাজ্যত আইনৰ শাসন নথকাৰ বাবে সশস্ত্ৰ দুৰ্বৃত্তই চৰকাৰী বনভূমি বেদখল কৰা, কাৰাগাৰত কয়দীক উৎপীড়ন কৰা , ধনদাবী , বন ধবংস আদি কাৰ্য দিনক দিনে উদেগজনক ভাৱে বৃদ্ধি পাইছে ‌। কিন্তু ইয়াৰ বিপৰীতে নাগালেণ্ডৰ ডিজিপিয়ে আইনৰ পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে। তদুপৰি নাগালেণ্ডৰ ৯৮ শতাংশ গোচৰৰ অভিযুক্ত গ্ৰেপ্তাৰ পিছত কেইদিনমানৰ ভিতৰত জামিন লাভ কৰাত ৰাজ্যপাল গৰাকীয়ে তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰে ।

ৰবিয়ে নাগালেণ্ডত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু অন্যান্য বিষয়াসকল উপদ্ৰবীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাই ইয়াৰ অন্যথা নাগালেণ্ডৰ পৰা সংবিধানৰ ৩৭১এ(১)(বি) অনুচ্ছেদটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব । উল্লেখযোগ্য বিয়লি ৰাজ্যপালৰ এই পত্ৰ ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

The post নাগালেণ্ডৰ আইন- শৃংখলা অৱনতিত অসন্তুষ্ট ৰাজ্যপাল আৰ এন ৰবি : appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fS4Lai
via IFTTT

Comments