ৰাজ্যত নতুনকৈ ৩২৭ গৰাকী কোভিড-১৯ পজিটিভ; গুৱাহাটীত আক্ৰান্ত ১৯৫ গৰাকী

ৰাজ্যত ৩২৭ গৰাকী নতুন আক্ৰান্তৰে মুঠ ৭৪৯২ গৰাকীলৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

দেওবাৰৰ দিনটোত একেলগে ৩২৭ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীত ১৯৫ গৰাকী লোক আক্ৰান্ত হৈছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীক বাদ দি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

অসমত ৫০৮৮ জন ব্যক্তি এই পৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩৯০ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণভাবে গুৱাহাটীত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে মুঠ ১১৫৫ গৰাকী লোক আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত  সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

The post ৰাজ্যত নতুনকৈ ৩২৭ গৰাকী কোভিড-১৯ পজিটিভ; গুৱাহাটীত আক্ৰান্ত ১৯৫ গৰাকী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2BJDRTc
via IFTTT

Comments