শিৱসাগৰত নিশা উত্তপ্ত পৰিস্থিতি : চোকা অস্ত্ৰসহ ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ গাড়ীসহ ধৰা পৰিল বিজেপিৰ নেতা-কৰ্মী

শিৱসাগৰ বিধানসভা সমষ্টিত যোৱা নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিৰ্বাচনী বিধি উলংঘা কৰি নিশা ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ ধৰা পৰিছে শিৱসাগৰ জিলা বিজেপি দলৰ কেবাজনো নেতা-কৰ্মী।

ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা সমষ্টিটোৰ দিচাংমুখ মিছিং অধ্যুষিত অঞ্চলত ধন বিতৰণ কৰিবলৈ গৈ গাড়ীৰে সৈতে হাতে লোটে ধৰা পৰিছে বিজেপিৰ জিলা পৰিষদৰ সদস্য অনিৰাম পাংগিং আৰু শিৱসাগৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰূপম দত্তসহ কেবাজনো বিজেপি নেতা-কৰ্মী।

নিশা দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত ভোটাৰক ধন বিতৰণৰ বাবে যোৱাৰ সময়ত ৰাইজৰ দলৰ সদস্যসকলে এজন বিজেপি কৰ্মীৰ ঘৰত পাংগিঙক হাতে লোটে ধৰা পেলাই আৱদ্ধ কৰি ৰাখে।

AS04 W 8400 আৰু AS04 S 1933  নম্বৰৰ দুখন বিলাসী গাড়ীৰে চোকা অস্ত্ৰ লৈ দিচাংমুখ গাঁও পঞ্চায়তৰ জিলা পৰিষদৰ সদস্য বিজেপিৰ নেতা অণিৰাম পাংগিং আৰু শিৱসাগৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰূপদ দত্তই কেবাজনো সাংগো পাংগোসহ ধন বিতৰণৰ বাবে দিচাংমুখৰ এখন মিছিং গাঁৱত প্ৰৱেশ কৰে।

এই খবৰ লাভ লাভ কৰাৰ লগে লগে ৰাইজৰ দলৰ সদস্যসকলে গাঁৱৰ ৰাইজৰ সহযোগত দুয়োখন বিলাসী বাহনসহ বিজেপিৰ আটাইকেইজন নেতাকৰ্মীকে আৱদ্ধ কৰি বিভিন্ন প্ৰশ্নবাণ কৰে আৰু পিছথ তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়ে।

ৰাইজৰ দলৰ সদস্যসকলে অভিযোগ কৰা অনুসৰি দুখন গাড়ীৰে ভোটাৰক ধন বিলাবলৈ যোৱা বিজেপিৰ নেতা কৰ্মীসকলে গাড়ী দুখন আৱদ্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক চোকা অস্ত্ৰৰেৰে আক্ৰমণ কৰি ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে ঘটনাস্থলীত ৰাইজৰ দলৰ সদস্য আৰু স্থানীয় গাঁওবাসী গোট খোৱাৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলে ৰাইজৰ দলৰ সদস্যসকলক আক্ৰমণ কৰাৰ পৰা বিৰত থাকে বুলি প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সদস্যসকলে।

“এই দুখন গাড়ীৰে তেওঁলোকে ভোটাৰক পইচা বিলাবলৈ আহিছে, তেওঁলোকে তৰোৱাল লৈ আমাক দাদাগিৰী দেখুৱাইছে।” স্থানীয় ৰাইজৰ দলৰ কৰ্মীয়ে এইদৰে কয়।

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী বিধি অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰিছে।

ইফালে নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰি ঘোষণা কৰিছিল যে নিৰ্বাচনী প্ৰচাৰ সমাৰণি পৰাৰ পিছত কোনো লোকে নিৰ্বাচনী বিধি উলংঘা কৰি ভোটাৰক প্ৰলুব্ধ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ চলালে তেনে লোকক জৰিমনাসহ দুবছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬ত প্ৰণয়ন কৰা বিধানৰ অধীনত নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰাৰ পিছত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখত নিশা ভোটাৰক ধন বিতৰণ কৰিবলৈ যোৱা বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

The post শিৱসাগৰত নিশা উত্তপ্ত পৰিস্থিতি : চোকা অস্ত্ৰসহ ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ গাড়ীসহ ধৰা পৰিল বিজেপিৰ নেতা-কৰ্মী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3ffxlFB
via IFTTT

Comments