আজি পুনৰ অসমলৈ আহিব অমিত শ্বাহ
গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান সামৰণি পৰাৰ পাছতেই আজি দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিজেপিৰ শীর্ষ পর্যায়ৰ এই নেতাগৰাকীয়ে আজি কমলপুৰ আৰু জাগীৰোড সমষ্টিত প্রচাৰ অভিযান চলাব৷ শুকুৰবাৰে দিনৰ ১২ বজাত কমলপুৰ সমষ্টিৰ বিজেপি প্রার্থী দিগন্ত কলিতাৰ হৈ এখন বিশাল জনসভাত অংশ লোৱাৰ পাছত ১.৩০ বজাত জাগীৰোডত ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাৰ সমর্থনত আন এখন বিশাল সভাত ভাষণ প্রদান কৰিব৷
ইয়াৰ পাছতেই বৰাকলৈ উৰা মাৰিব লগা অমিত শ্বাহে ৪.৩০ বজাত পাথাৰকান্দি সমষ্টিৰ প্রার্থী কৃষ্ণেন্দু পালৰ হৈ প্রচাৰ চলাব৷ আনহাতে, বিয়লি ৫ বজাত শিলচৰ সমষ্টিৰ বিজেপি প্রার্থী দীপায়ন চক্রৱর্তীৰ এখন নির্বাচনী সভাত অংশ ল’ব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ কাইলৈ সন্ধিয়াই দিল্লীলৈ উভতি যাব অমিত শ্বাহ৷
The post আজি পুনৰ অসমলৈ আহিব অমিত শ্বাহ appeared first on News Live TV.
from News Live TV https://ift.tt/2OZOGrp
via IFTTT
Comments
Post a Comment