হঠাৎ ছন্দপতন ঘটিল টীম ইণ্ডিয়াৰ, বিশাল লক্ষ্য বান্ধি দিও মুখামুখি হ’ব লগা হ’ল পৰাজয়ৰ
হঠাৎ ছন্দপতন টীম ইণ্ডিয়াৰ বলিং আক্ৰমণৰ।
যোৱাকালি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে ৩৩৬ ৰাণৰ কঠিন লক্ষ্য বান্ধি দিয়া সত্বেও ৰোধিব নোৱাৰিলে পৰাজয়।
পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ইংলেণ্ডে টছত জিকি বলিং কৰিবলৈ সিদ্ধান্ত লয়।
কেএল ৰাহুলৰ বিস্ফোৰক ১০৮ (১১৪) ৰাণৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতে ৬টা উইকেট হেৰুৱায় সংগ্ৰহ কৰে ৩৩৬ ৰাণ।
ৰাহুলৰ উপৰিও দীৰ্ঘ দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচলৈ প্ৰত্যাৱৰ্তন ঘটা উইকেট কীপাৰ ঋষভ পণ্টে মাৰমুখী ৭৭ (৪০) আৰু অধিনায়ক কোহলীয়ে ৬৬ (৭৯) ৰাণৰ বৰঙণি আগবঢ়ায়।
ইংলেণ্ডৰ হৈ টম কুৰাণ আৰু ৰিচী টিপলেয়ে ২টাকৈ উইকেট লাভ কৰে।
৩৩৭ ৰাণৰ বিশাল লক্ষ্য আগত লৈ ইংলেণ্ডে প্ৰথম মেচখনৰ দৰেই আৰম্ভণি ঘটায়।
অপেনাৰদ্বয় জেচন ৰয় (৫৫) আৰু জনী ব’ৰিষ্টই (১২৪)য়ে ভাৰতীয় বলিং লাইন আপক তুলাধুনা দিয়ে।
দুয়োৱে প্ৰথম উইকেটৰ যুটিত ১৬ অভাৰত ১১০ ৰাণ সংগ্ৰহ কৰে।
জনী ব’ৰিষ্টই ১১২টা বলত ৭টা ছয় আৰু ১১টা চাৰিসহ ১২৪ ৰাণৰ এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে।
জেচন ৰয়ক ১৬.১ অভাৰত ৰোহিত শৰ্মাই ৰাণ আউট কৰাৰ পাছত আহে বেন ষ্ট’কছ।
দ্বিতীয় উইকেটৰ যুটিত ষ্ট’কছে ব’ৰিষ্টৰ স’তে লগ লাগি ১৭৫ ৰাণৰ যুটি বান্ধে।
৩৫.২ অভাৰত বেন ষ্ট’কছে নাৰ্ভাছ নাইণ্টিজৰ চিকাৰ হৈ ৯৯ ৰাণত পেভিলিয়নমুখী হয়।
১০টাকৈ বিশাল ছয় আৰু ৪টা চাৰিৰে মাত্ৰ ৫২টা বলতে সংগ্ৰহ কৰা ৯৯ ৰাণে দলক বিজয়ৰ দিশে ধাৱমাণ কৰে।
ইংলেণ্ডৰ বেটিংক্ৰমৰ শীৰ্ষ এই বেটছমেনকেইজনৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত ইংলেণ্ডে ৩৯টা বল বাকী অৱস্থাতে ৩৩৭ ৰাণ কৰি দুৰ্দান্তভাৱে বিজয়লাভ কৰে।
অভিষেক মেচখনৰ দৰেই কেৰিয়াৰৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াতো ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে।
তেওঁ ১০ অভাৰত ৫৮ ৰাণ খৰচ কৰি ২টাকৈ উইকেট লাভ কৰে।
প্ৰসিদ্ধ কৃষ্ণৰ বাহিৰে আটাইকেওজন বলাৰেই ব্যৰ্থ হয়।
দ্বিতীয়খন এদিনীয়াত বিজয়েৰে ইংলেণ্ডে তিনিখনীয়া শৃংখলাটোত সমতা স্থাপন কৰিছে।
The post হঠাৎ ছন্দপতন ঘটিল টীম ইণ্ডিয়াৰ, বিশাল লক্ষ্য বান্ধি দিও মুখামুখি হ’ব লগা হ’ল পৰাজয়ৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3dgKrjk
via IFTTT
Comments
Post a Comment