দেশত বাঢ়িছে ক’ৰ’ণা, আকৌ হ’ব নেকি লকডাউন! কি ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে?

দেশত ক’ৰ’ণাৰ নতুন ঢৌ আহিছে।

প্ৰতিদিনে দেশত ৫০ হাজাৰৰো অধিক লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

এনে পৰিস্থিতিত ৰাজ্য ভেদে লকডাউনো ঘোষণা কৰা হৈছে। সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰা হ’ব বুলি বিভিন্ন মহলত বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে শেহতীয়াকৈ লকডাউন সম্পৰ্কত কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে কৈছে যে দেশত ক’ৰ’ণাৰ সংহাৰ পুনৰ বৃদ্ধি পোৱাটো উদ্বেগৰ কথা।

কিন্তু এনে পৰিস্থিতিত পুনৰ লকডাউন হোৱাৰ কোনো আশা নাই বুলি তেওঁ মন্তব্য কৰে।উল্লেখ্য বিগত বৰ্ষত ক’ৰ’ণাৰ আতংকৰ সময়তে চৰকাৰে দেশ জুৰি লক ডাউন ঘোষণা কৰিছিল।

ফলত বন্ধ হৈ পৰিছিল দেশৰ সকলো উদ্যোগকে ধৰি অৰ্থনৈতিক কাম-কাজ।

দেশত পুনৰ তেনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ গৰাকীয়ে মন্তব্য কৰে।

ইণ্ডিয়ান ইক’ন’মিক কনক্লেভত অংশগ্ৰহণ কৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে তেনেদৰে কয়।

The post দেশত বাঢ়িছে ক’ৰ’ণা, আকৌ হ’ব নেকি লকডাউন! কি ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3d4HFgY
via IFTTT

Comments