লকডাউন ডায়েৰীলৈ শ্ৰেষ্ঠত্বৰ খিতাপ…

ডিজিটেল সংবাদ, মঙলদৈ : অসমৰ প্ৰথমটো অ’ টি টি প্লেটফৰ্ম হেল’ টিভি ৰ উদ্যোগত অনুস্থিত হেল্ল’ টিভি চুটি ছবি মহোৎসৱত মঙলদৈৰ কেইবা গৰাকী উদীয়মান আৰু প্ৰতিতিশ্ৰুতি সম্পন্ন যুৱক যুৱতীয়ে কঢ়িয়াই আনিছে সুখবৰ । কোৰোনা মহামাৰী আৰু লকডাউনে সৃষ্টি কৰা ভয়াবহতাৰ ওপৰত ভূপেন কলিতাৰ কাহিনী, দ্বীপজ্যোতি কলিতাৰ পৰিচালনা আৰু পপ্পু কবিৰৰ কেমেৰা পৰিচালনাৰে নিৰ্মিত ছবি লকডাউন ডায়েৰী নামৰ চুটি ছবি খনে হেল’ টিভি চুটি ছবি মহোৎসৱত কেইবাটাও খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে ।
কোৰোনা মহামাৰীৰ ভয়াবহতাৰ বৰ্ণনা নিৰ্মোহ ভাবে উপস্থাপন কৰা চুটি ছবি খনে উক্ত মহোৎসৱত সৰ্বশ্ৰেষ্ঠ চুটি ছবিৰ সন্মান বুটলিবলৈ সক্ষম হয় লগতে শ্ৰেষ্ঠ পৰিচালক দ্বীপজ্যোতি কলিতা ,শ্ৰেষ্ঠ অভিনেতা কুমাৰ চন্দ্ৰনাৰায়ন দেৱ, শ্ৰেষ্ঠ সহ: অভিনেতা নবজ্যোতি কলিতা ই । জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি খনৰ দৃশগ্ৰহন হয় মঙলদৈৰ বিভিন্ন অঞ্চলত ।
চুটি ছবিখনত অভিনয় কৰে ক্ৰমে কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ,নবজিত কলিতা, দিব্যজ্যোতি নাৰায়ণ দেৱ, ধনদা কাকতি,কল্যাণী দেৱী,দীপক কলিতা,বিশ্বজিত চহৰীয়া,আলেশ্বৰী বৰুৱা,মাহেশ্বৰী দেৱী, মিতালি বৰুৱা আৰু শিশু শিল্পী ক্ৰমে ধৰ্মিষ্ঠা চান্দ আৰু ডেইজি মণি দাসে । ভূপেন কলিতাৰ কাহিনী আৰু দ্বীপজ্যোতি কলিতাৰ পৰিচালনাৰে লকডাউন ডায়েৰীয়ে ক’ভিড সৃষ্ট পৰিবেশৰ ভিতৰচৰাৰ এক অদ্ভুত দিশ উজাগৰ কৰিবলৈ সক্ষম হয় আৰু দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয় আৰু মুঠ ৬৬ খন চুটি ছবিত পিছ পেলাই শ্ৰেষ্ঠত্বৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় ।
ইয়াৰ লগতে লকডাউন ডায়েৰীৰ টিমৰ তৰফৰ পৰা হেল’ টিভিৰ পৰিচালন সঞ্চালিকা সঞ্চিতা তালুকদাৰলৈ ধন্যবাদ জ্ঞাপন কৰে আৰু ভবিষ্যতে এনেধৰণৰ মহোৎসৱ উদযাপন কৰি নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি লকডাউন ডায়েৰীৰ কলা কুশলী সকলে মত পোষণ কৰে ।
The post লকডাউন ডায়েৰীলৈ শ্ৰেষ্ঠত্বৰ খিতাপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3w3acfx
via IFTTT
Comments
Post a Comment