কৰ’নাৰ আতংক! তিনিচুকীয়াৰ বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰী কোভিড-১৯ পজিটিভ
দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণক লৈ আশংকা বৃদ্ধি পাই অহাৰ সময়তে অসমৰ তিনিচুকীয়াৰ এখন বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।
শুকুৰবাৰে পৰীক্ষা কৰাৰ সময়ত ছাত্ৰীকেইগৰাকীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।
তিনিচুকীয়াৰ বৰডুবিত থকা কস্তুৰবা গান্ধী ছোৱালী হাইস্কুলত এই ঘটনা সংঘটিত হৈছে। প্ৰতিদিন টাইমৰ বাতৰিত এইকথা কোৱা হৈছে।
ইপিনে, দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’না ৰোগীৰ সংখ্যা। শুকুৰবাৰৰ দিনটোতে দেশত ৫৯ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।
অসমতো প্ৰতিদিনে বহু লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।
নিতৌ ৰাজ্য খনত কোভিড আক্ৰান্ত লোকৰ মৃত্যুও ঘটিছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ক’ৰ’নাৰ নতুন সংক্ৰেমণৰ বাবে লকডাউন ঘোষণা কৰা হৈছে ।
এনে পৰিস্থিতিত অসমতো লকডাউন ঘোষণা কৰা হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলি আছে।
কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি ঘোষণা কৰে যে ক’ৰ’নাৰ সংহাৰ বৃদ্ধি পালেও অসমত পুনৰ লক ডাউন হোৱাৰ মুঠেও সম্ভাৱনা নাই।
অসমবাসীয়ে এইবাৰ ৰঙালী বিহুও ভালদৰে উদযাপন কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।
উল্লেখ্য দেশৰ ১৮ খন ৰাজ্যত এতিয়া ক’ৰ’নাৰ নতুন প্ৰজাতিৰ সংক্ৰমণ ঘটিছে। নিতৌ শ শ লোক কোভিডত আক্ৰান্ত হৈছে আৰু কিছু সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।
এনে পৰিস্থিতিৰ মাজতে অসমত কোভিড প্ৰ’টোকল উলংঘা কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে।
ইয়াৰ ফলত অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ছবি খন অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে।
The post কৰ’নাৰ আতংক! তিনিচুকীয়াৰ বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰী কোভিড-১৯ পজিটিভ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3rrX006
via IFTTT
Comments
Post a Comment