বিধানসভা নিৰ্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধান সভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা

২৭মাৰ্চতহ’বলগীয়াপ্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ ২১৬ ভোট গ্ৰহন কেন্দ্ৰলৈ আজি পুৱাতে যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকল ৷

১৭গৰাকীচেক্টৰবিষয়াৰ অধীনৰ ১৭টাচেক্টৰৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রৰ বাবে

৩৮গৰাকীপ্রিজাইডিং,৭১৪গৰাকীপুলিংবিষয়াআৰু২৪গৰাকীমাইক্রঅৱজাৰভাৰে পুৱাৰে পৰাই নিজ নিজ দায়ীত্ব আৰু ভোট গ্ৰহন সামগ্ৰীলৈ সমষ্টিৰ বিভিন্ন ভোট গ্ৰহন কেন্দ্ৰলৈ যাবলৈ আৰম্ভ কৰিছে ৷

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত লহৰে চাপৰিত ১ গৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে । উল্লেখযোগ্য যে, বােকাখাত সমষ্টিত ২৬ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ।

ইয়াৰ উপৰিও ২ টা ভােট গ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়  ভােট গ্রহণ কেন্দ্র দুটাক মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰি তুলিছে মহকুমা প্ৰশাসনে ।

আজি পুৱাৰে পৰাই ভােট গ্রহণ কেন্দ্ৰলৈ বিষয়া-কৰ্মচাৰীসকল যাবৰ বাবে সৰু-বৰ প্রায় ২৫০ খন বাহন অধিগ্রহণ কৰিছে প্ৰশাসনে । বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগনত নিৰ্মান কৰা অস্থায়ী কেন্দ্ৰ পৰা নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে ভোটগ্ৰহন সামগ্ৰী সংগ্ৰহ কৰি ভোট গ্ৰহণ কেন্দ্ৰ বোৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷সমষ্টিটোৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ মুঠ টা কেন্দ্ৰক জটিল বা ক্ৰিটিকেল ভোট গ্ৰহন কেন্দ্ৰ হিচাবে চিনাক্ত কৰি বিশেষ ব্যৱস্থাও হাতত লৈছে মহকুমা প্ৰশাসনে ৷

৯মার্চতপ্রকাশপােৱা২০২১চনৰচুড়ান্তভোটাৰতালিকাঅনুসৰি৯৩ নংবােকাখাত বিধান সভা সমষ্টিতমুঠ১,৪৭,৪৮৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোট দানৰ সুবিধা লাভ কৰিব।

ইয়াৰে৭৩৭৯৮গৰাকীপুৰুষভােটাৰআৰু ৭৩৬৮৬ গৰাকীমহিলাভােটাৰ হোৱাৰ লগতে ৩ গৰাকী তৃতীয়লিংগৰভােটাৰআছে।অহা কাইলৈ বোকাখাত সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

The post বিধানসভা নিৰ্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধান সভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3u8VQIP
via IFTTT

Comments