বিজেপিৰ মদ, মাংস, টকা বিতৰণৰ অভিযোগ; আছু নেতাকে ধৰি কেইবাজনক প্ৰহাৰ বিজেপি কৰ্মীৰ

শুকুৰবাৰে সন্ধিয়া আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিণ্টু গগৈ সহ ৫ জনক বিজেপি নেতাৰ দ্বাৰা প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হয়।

প্ৰহৃত অন্যান্য আছু কৰ্মী সকল হ’ল অভিশেষ বৰুৱা আৰু পিংকু শইকীয়া। তেওঁলোকৰ সতে আছিল ৰাতুল দুৱৰী আৰু প্ৰাঞ্জল প্ৰতীম বৰুৱা নামৰ দুজন যুৱক।

মাৰ্ঘেৰিটাৰ বিজেপি সমৰ্থক ক্ৰমে প্ৰদীপ সিং, মঞ্জিৎ কোঁ‌চ, কাজল তাচা, নিৰ্মল উৰাং, ৰমজান আলী, বিতোপন শৰ্মা, শ্যাম গোৱালা, দিলীপ সন্দিকৈসহ শতাধিক লোকে দিৰক চাহ বাগিচাৰ বালিজানত মদ, মাংস, টকা বিতৰণ কৰি থকা অৱস্থাত  বাধা দিওঁ‌তেই আছু কৰ্মীৰ ওপৰত জপিয়াই পৰে।

ঘটনাৰ খবৰ পাইয়েই মাৰ্ঘেৰিটাত উপস্থিত হোৱা শতাধিক আছু নেতা-কৰ্মীয়ে ইতিমধ্যে আছু নেতা-কৰ্মীসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আনে।

মাৰ্ঘেৰিটা থানাত ঘটনাৰে জড়িত বিজেপি নেতা-কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

এই সন্দৰ্ভত আছুৰ জিলা সভাপতি ৰাজা বলিমৰাই কয় যে আৰক্ষীয়ে এঘন্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আছু ক্ষান্ত নাথাকে।

আনহাতে, দোষীক গ্ৰেপ্তাৰ নকৰিলে পথ অৱৰোধৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্টু গগৈয়ে জানিবলৈ দিয়ে।

বাতৰি লেখা সময়লৈকে মাৰ্ঘেৰিটা আৰক্ষী থানাত পৰিস্থিতি উত্তপ্ত হৈ থাকে।

The post বিজেপিৰ মদ, মাংস, টকা বিতৰণৰ অভিযোগ; আছু নেতাকে ধৰি কেইবাজনক প্ৰহাৰ বিজেপি কৰ্মীৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3ctpNgG
via IFTTT

Comments