পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ এক বিশেষ সকাহ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ভাৰতে প্ৰদান কৰিছে বৃহত সকাহ। শ্ৰীলংকা যাত্ৰাৰ বাবে এতিয়াৰে পৰা পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আকাশী পথৰে যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। শেহতীয়াকৈ এ এন আইত প্ৰকাশিত খবৰ অনুসৰি পাক প্ৰধানমন্ত্ৰী আজি দুদিনীয়া ভ্ৰমণসূচীৰে যাব শ্ৰীলংকালৈ। এই যাত্ৰাকালৰ বাবেই পূৰ্বে পাক প্ৰধানমন্ত্ৰীৰ বাবে নিষিদ্ধ কৰি ৰখা আকাশী পথ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ভাৰতে।

The post পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ এক বিশেষ সকাহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P4KjuL
via IFTTT

Comments