কাৰ্টুন-এনিমেচন ছৱিতো নাৰী চৰিত্ৰসমূহক বোৰ্খা পৰিধান কৰোৱাব লাগে! কোনে ক’লে?

হিজাব অৰ্থাৎ মুখত বোৰ্খা পৰিধান কৰাইহে কাৰ্টুন আৰু এনিমেচন ছৱিত নাৰী চৰিত্ৰসমূহ উপস্থাপন কৰা উচিত।

ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান আয়াতুল্লা আলি খমেইনিয়ে সোমবাৰে এইদৰে এটা ফটোৱা জাৰি কৰিছে।

দেশখনৰ এটা বাতৰি প্ৰতিষ্ঠান টাছনিম নিউজ এজেন্সিৰ স’তে ৰাষ্ট্ৰপ্ৰধানজনৰে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।

ইৰাণৰ ৰাজনৈতিক এক্টিভিষ্টসকলে এই ফটোৱাটোক গৰিহণা দি কৈছে যে ই দুৰ্ভাগ্যজনক।

সাংবাদিক মাচিহ আলিনেজাদে টুইটাৰত ক্ষোভ প্ৰকাশ কৰি কয়- ‘‘এইটো হাস্যকৰ বিষয় নহয়! ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানজনে ঘোষণা কৰিছে যে আনকি এনিমেচন ছৱিতো নাৰীয়ে হিজাৱ পৰিধান কৰা উচিত। আনকি হয়তো মাইকী পোক পৰুৱাসমূহেও হিজাৱ পিন্ধা উচিত!’’

ইচলামিক আইন অনুযায়ী ইৰাণৰ চিনেমা ইণ্ডাষ্ট্ৰিয়েও শাসকপক্ষৰ পৰা চেঞ্চৰশ্বিপৰ সম্মুখিন হৈ আহিছে। নাৰী আৰু পুৰুষক চিনেমাত আন্তৰিকভাৱে প্ৰদৰ্শন কৰাটোও শাসকপক্ষৰ মতে অনৈতিক।

উল্লেখযোগ্য যে ১৯৭৯ চনত সংঘটিত হোৱা ইৰাণৰ ইচলামিক বিপ্লৱৰ পাছতে মহিলাই মূৰ-ডিঙি আৰু চুলি ঢাকি বোৰ্খা পিন্ধাটো বাধ্যতামূলক কৰা হৈছিল।

The post কাৰ্টুন-এনিমেচন ছৱিতো নাৰী চৰিত্ৰসমূহক বোৰ্খা পৰিধান কৰোৱাব লাগে! কোনে ক’লে? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3bNYBYv
via IFTTT

Comments