দুৰ্নীতিৰ গোচৰ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক দুবছৰ কাৰাদণ্ডৰ দাবী তদন্ত কমিটিৰ
দুৰ্নীতিৰ গোচৰত অভিযুক্ত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাই দুবছৰ কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।
দুৰ্নীতিৰ গোচৰত অভিযুক্ত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাই তেওঁৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ বিচাৰাধীন হৈ থকা গোচৰত সাংবিধানিক আদালতৰ নিৰ্দেশ অমান্য কৰি উপস্থিত থাকিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই দাবী কৰিছে তদন্ত কমিটিয়ে।
সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সাংবিধানিক আদালতে যোৱা সপ্তাহত তদন্ত কমিটিত উপস্থিত হ’বলৈ দিয়া নিৰ্দেশ অস্বীকাৰ কৰা পিছত আদালতক অৱমাননা কৰাৰ দোষত দোষী সাৱ্যস্ত হ’ব পাৰে।
উল্লেখ্য যে জেকব জুমা ২০০৯ চনৰ পৰা ২০১৮ চনলৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত সেই দুৰ্নীতিৰ অভিযোগ তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটি গঠন কৰা হৈছিল।
জুমাই উক্ত উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটিক সহযোগ কৰিবলৈও অস্বীকাৰ কৰি আহিছে।
যোৱা সপ্তাহত তদন্ত কমিটিত উপস্থিত হ’বলৈ কমিটিয়ে জুমালৈ চমন প্ৰেৰণ কৰিছিল আৰু সাংবিধানিক আদালতে জুমাক সেই চমন গ্ৰহণ কৰি তদন্ত কমিটিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু জুমাই এইবাৰো তদন্ত কমিটিক সহযোগ কৰিবলৈ অস্বীকাৰ কৰি উপস্থিত নাথাকিল।
সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ কৰিছে যে এই সম্পৰ্কে মতামত ল’বলৈ জেকব জুমাৰ অধিবক্তা এৰিক মাবুজাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও অধিবক্তাগৰাকীয়ে সংবাদ প্ৰতিষ্ঠানটোক সহাঁৰি নিদিলে।
প্ৰণিধানযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি জুমাৰ বিৰুদ্ধে তেওঁৰ অতি ঘনিষ্ঠ তিনি বণিয়া ভাতৃ অতুল, অজয় আৰু ৰাজেশ গুপ্তাক দেশৰ সম্পদসমূহ নীতিবহিভূতভাৱে লুটিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
The post দুৰ্নীতিৰ গোচৰ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক দুবছৰ কাৰাদণ্ডৰ দাবী তদন্ত কমিটিৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/37Jz29x
via IFTTT
Comments
Post a Comment