‘মুখত মাস্ক পিন্ধি ইয়াত সোমাব নোৱাৰিব’! ক’ত আৰু কিয়?

ক’ভিড-১৯ৰ সন্ত্ৰাস শেহতীয়াকৈ কিছু থামিলেও মুখত মাস্ক পৰিধান কৰাটো বহুতৰে বাবে সচেতনতাৰ পৰিচায়ক হৈ পৰিছে, কিয়নো যিকোনো মুহূৰ্ততে ভাইৰাছবিধ পুনৰ আৱিৰ্ভাব হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাইও মুখত মাস্ক পিন্ধিবলৈ বিশ্ববাসীক উদগণী জোগাই আহিছে।

কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰেষ্টুৰেণ্ট এই বিষয়টো লৈ বাতৰিৰ শিৰোনামাত আহিছে।

ফ্ল’ৰিডা চহৰৰ ‘বেকীজেকচ ফুড শ্বেক’ নামৰ ৰেষ্টুৰেণ্টটখনৰ ফলকত লিখা হৈছে যে- ‘FACE DIAPERS NOT REQUIRED! EVERYONE WELCOME’, ইয়াৰ দ্বাৰা মুখত পিন্ধা মাস্কক ‘ডায়েপাৰ’ৰ স’তে ৰিজোৱা হৈছে, যি সৰু ল’ৰা-ছোৱালীৰ মল মূত্ৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মুখত মাস্ক পিন্ধি অহা লোকক ৰেষ্টুৰেণ্টত সোমাব দিয়া নহ’ব।

ভেলেণ্টাইনছ ডেৰ দিনা ৰেষ্টুৰেণ্টখনৰ ফেচবুক পেজটোত প’ষ্ট কৰা হৈছিল- ‘‘ভেলেণ্টাইনছ ডেৰ শুভকামনা। আন্তৰিকতাৰে সোঁৱৰণ কৰিব বিচাৰিছো যে আমাক মুখত পিন্ধা মাস্কৰ প্ৰয়োজন নাই।

তাৰপাছতে, ফেচবুক প’ষ্টটো ১,০০০ বাৰ শ্বেয়াৰ হয় আৰু ৩,৮০০টা কমেণ্ট আহে। ইয়াৰ মাজতে বহুজনে ৰেষ্টুৰেণ্টখনৰ বক্তব্যক লৈ জাঙুৰ খাই উঠে।

বহুতে ইয়াক ৰেষ্টুৰেণ্টখনৰ পাব্লিচিটি ষ্টাণ্ট হিচাপে অভিহিত কৰিছে।

এজনে কমেণ্টত কয় যে এইধৰণৰ মানুহ আছে বাবেই আমি এতিয়াও এটা মহামাৰীৰ সময়ত বাস কৰি আছো।

সামাজিক মাধ্যমত এই হৈ চৈ চলি থাকোতেই ফেচবুকৰ উক্ত প’ষ্টাৰখনৰ সপক্ষে ১৬ ফেব্ৰুৱাৰীত আন এটা এটা প’ষ্ট দিয়ে আৰু কয় যে তেওঁলোকে মুখত পিন্ধা মাস্কখনক ‘ডায়েপাৰ’ বুলি গণ্য কৰে।

তদুপৰি যিসকলে ৰেষ্টুৰেণ্টখনৰ শ্লোগানটো মানি ল’ব পৰা নাই, তেওঁলোকক ‘আনফ্ৰেইণ্ড’ কৰিবলৈ কয়।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানলৈকে  ক’ভিড-১৯ আক্ৰান্ত ৰোগী আৰু মৃত্যুৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

The post ‘মুখত মাস্ক পিন্ধি ইয়াত সোমাব নোৱাৰিব’! ক’ত আৰু কিয়? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/37FzRAa
via IFTTT

Comments