থু লগাই ৰুটি বনোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰত সোমাল যুৱক

বিয়াঘৰত আনন্দৰ জোৱাৰ। খোৱাবোৱাৰ পয়োভৰ, উলাহ-উছাহত মছগুল নিমন্ত্ৰিত অতিথিকে ধৰি বিয়াঘৰৰ লোক। তাৰ মাজতেই ঘটিল এক দুৰ্ভাগ্যজনক কাণ্ড।

খোৱা বনাই থকাৰ সময়ত ৰুটিত থু লগাই দিছে এজন যুৱকে। তেওঁৱেই ৰুটি বনাইছিল। তন্দুৰী ৰুটিত সানি দিছিল থু। ৰুটি বনাই থকা সময়তে কোনোবা এজনে ভিডিঅ’টো ৰেকৰ্ড কৰে।

ভিডিঅ’টো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পাছত মুহূৰ্তৰ ভিতৰতে সেইটো ভাইৰেল হৈ পৰে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

বিয়াঘৰৰ লোকৰ দৃষ্টিলৈ অহাত তেওঁলোকে যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু তাৰেই ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

বাতৰি অনুসৰি, যুৱকজনৰ নাম চাহিল। উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন বিয়াঘৰত ঘটিছিল এই ঘটনা। হিন্দু জাগৰণ মঞ্চই ঘটনাটোক লৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে।

ছচিয়েল মিডিয়াত নেটিজেনসকলে দাবী কৰে যে চাহিলে নিশ্চয় পূৰ্বেও এনে কাণ্ড কৰিছে। যি নহওক, নিজৰ কৃতকৰ্মৰ বাবে চাহিলে এতিয়া ৰঙাঘৰত দিন কটাইছে।

ইপিনে, নেটিজেনসকলে চাহিলৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। কৰ’নাৰ সময়ত এনে ঘটনা কোনোৱে সহজে মানি ল’ব পৰা নাই।

টুইটাৰত ভিডিঅ’টো এতিয়ালৈকে প্ৰচুৰ লোকে চাইছে। শ্বেয়াৰো হৈছে প্ৰচুৰ। ঘটনাৰ পাছত থানাৰ সন্মুখতো একাংশই বিক্ষোভ প্ৰদৰ্শন কৰিছে।

The post থু লগাই ৰুটি বনোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰত সোমাল যুৱক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3qH5uAS
via IFTTT

Comments