স্কুলীয়া সহপাঠীক ঘোঁচা সোধাই নাক ভাঙিছিল বাৰাক অবামাই! কিন্তু কিয়?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই শেহতীয়াকৈ এক আমোদজনক স্বীকাৰোক্তি কৰি চৰ্চিত হৈছে।

তেওঁ নিজৰ শৈশৱ সোঁৱৰণ কৰি কৈছে যে এবাৰ স্কুলত তেওঁ সহপাঠী এজনক ঘুঁচিয়াই নাক ভাঙি দিছিল।

সহপাঠীজনে তেওঁক  বৰ্ণবৈষম্যমূলক আচৰণ কৰাৰ বাবে অবামাই এই ঘোঁচাটো সোধাইছিল।

প্রাক্তন ৰাষ্ট্ৰপতিজনে স্প’টিফাই পডকাষ্টত জনপ্রিয় ৰকষ্টাৰ ব্ৰুছ স্প্ৰিংস্টনৰ স’তে হোৱা এটা বাৰ্তালাপত এই অভিজ্ঞতাটো বৰ্ণনা কৰে।

সহপাঠীজনৰ স’তে অবামাই একেলগে বাস্কেটবল খেলিছিল। এবাৰ খেলপথাৰৰ ড্ৰেচিং ৰুমত সহপাঠীজনে তেওঁক বৰ্ণবৈষমমূলক নাম এটাৰে মাতিছিল আৰু সেই নামটোৱে অবামাৰ স্বাভীমানত আঘাট কৰিছিল।

অবামাই কয় যে হয়তো সহপাঠীজনে উক্ত বৰ্ণবৈষম্যমূলক নামটো নাজানিবও পাৰে, যদিহে জানিছিল তেন্তে তেওঁ মোক আঘাট কৰিবলৈয়ে সেই নাম দি মাতিছিল।

‘‘মই হয়তো দুখীয়া। মই হয়তো মূৰ্খ। মই হয়তো নীচ। মই হয়তো আপচু। মই হয়তো মোৰ নিজৰ দৰেই নহয়। মই হয়তো অসুখী। কিন্তু তুমি জানো জানা যে মই কি? মই তুমি নহয়!’’- অবামাই স্বভাৱজাত তেজস্বী বাকপটুতাৰে কৈ গ’ল।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিজনে হোৱাইট হাউচ এৰাৰ পাছতো আমেৰিকাত ব্যাপক প্ৰভাৱ থকা বৰ্ণবৈষম্যবাদক লৈ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে সঘনে আলোচনা কৰি আহিছে।

২০১৫ চনৰ এটা সাক্ষাৎকাৰত তেওঁ সাৱধানবাণী শুনাইছিল যে আমেৰিকাই এতিয়াও বৰ্ণবৈষম্যবাদৰ পৰা ‘‘আৰোগ্য’’ লাভ কৰা নাই।

The post স্কুলীয়া সহপাঠীক ঘোঁচা সোধাই নাক ভাঙিছিল বাৰাক অবামাই! কিন্তু কিয়? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3aPJgY5
via IFTTT

Comments