খুনচাত দুই আলফা (স্বাঃ) সদস্য আটক

মাৰ্ঘেৰিটা মহকুমাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ খুনচাত শেহতীয়াকৈ দুজন দুৰ্ধষ আলফা (স্বাঃ)ৰ কেডাৰ ভাৰতীয় সেনাৰ ৬নং আছাম ৰাইফলছে আটক কৰিবলৈ সক্ষম হয়।

গোলাঘাট জিলাৰ চাৰ্জেণ্ট ইমটিয়াজ অসম ওৰফে মঃ আস্তহৰ হুচেইন(৩২)  আৰু তিনিচুকীয়া জিলাৰ নীলাচল অসম ওৰফে বিন্দুদ মৰাণ(২৫)।

সেনাই এক গোপন সূত্ৰৰ পম খেদি আলফা স্বাধীনৰ সদস্য দুজনক আটক কৰাৰ সময়ত দুটা পিষ্টল, দুটা মেগজিন সহ ভালসংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি সূত্ৰত প্ৰকাশ।

ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ ওভোতাৰ সময়তেই উগ্ৰপন্থী কেডাৰ দুজন সেনাৰ জালত পৰে বুলি জানিব পৰা গৈছে।

বৰ্তমানে কেডাৰ দুজনক খুনচা আৰক্ষীৰ জিম্মাত সেনাই প্ৰদান কৰিছে।

The post খুনচাত দুই আলফা (স্বাঃ) সদস্য আটক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3pZtOhr
via IFTTT

Comments