তামিলনাডুত খুন্দা মাৰিলে নিভাৰ ধুমুহাই, চেন্নাই-পুডুচেৰীত ধাৰাসাৰ বৰষুণ
শক্তিশালী সাগৰীয় ধুমুহা নিভাৰে ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগেৰে তামিলনাডু আৰু পুডুচেৰীত যোৱা নিশা প্ৰৱেশ কৰে।
ধুমুহাজাকে নিশাৰ ভিতৰতে মহাসংহাৰৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছিল যদিও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশেষ ক্ষতিসাধন হোৱা নাই বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ চেন্নাইস্থিত কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিভাৰ ধুমুহাৰ প্ৰভাৱত তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে।ধুমুহাজাকৰ শক্তি ক্ৰমাৎ কমি আহিছে।
ধুমুহাজাকৰ আগমণৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা হৈছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। একেদৰে সাগৰৰ পাৰত বাস কৰা ১.৪৬ লাখ লোক চৰকাৰে স্থাপন কৰা ১,৫১৬ টা আশ্ৰয় শিৱিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
সাগৰৰ কাষৰীয়া ৰাজ্য ওড়িশাতো নিভাৰ ধুমুহাৰ প্ৰভাৱ পৰিছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।
২৫ নৱেম্বৰৰ দিনা ধুমুহা জাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ ৰাজ্য খনৰ মূল ভূখণ্ডলৈ ধাৱমান হৈছিল।
ধুমুহাৰ আগমণৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাবে সাগৰত মাছ মৰা নিষিদ্ধ কৰা হৈছে।
পুডুচেৰীত যোৱা নিশা ৯ বজাৰ পৰা ১৪৪ ধাৰা জাৰি কৰি সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংকটৰ সময়ত সকলোকে ধৈৰ্য ধৰিবলৈ কোৱাৰ লগতে প্ৰয়োজনীয় সকলো সহায়ৰ আশ্বাস দিছে।
The post তামিলনাডুত খুন্দা মাৰিলে নিভাৰ ধুমুহাই, চেন্নাই-পুডুচেৰীত ধাৰাসাৰ বৰষুণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2V4kDhy
via IFTTT
Comments
Post a Comment