ফ্ৰান্সত মুছলমানৰ বাবে নতুন নিয়ম; গণতান্ত্ৰিক মূল্যবোধক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান ৰাষ্ট্ৰপতি মেকৰণৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে উগ্ৰবাদী ইছলামিক চিন্তাধাৰাৰ পৰা মুক্ত হোৱাৰ বাবে দেশখনৰ ইছলামিক নেতা সকলৰ পৰা সহযোগিতা আহ্বান কৰে।

এইক্ষেত্ৰত ৰাষ্ট্ৰপতি মেকৰণে মুছলিম বিশ্বাসৰ ফ্ৰান্স কাউন্সিলক বিভাগীয় মন্ত্ৰ্যালয়ৰ সৈতে সহযোগিতাৰ বাবে ১৫ দিনৰ সময় বান্ধি দিছে।

চি এফ চি এমে ফ্ৰান্সত ইমাম সকলৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰিব যিয়ে ইমাম সকলক বিভাগীয় মৰ্যদা দিব।

উল্লেখযোগ্য যে, ফ্ৰান্সত বিগত সময়ছোৱাত কট্টৰপন্থী ইছলামিক সংগঠনে নিজৰ কাৰ্য্যকলাপ বৃদ্ধি কৰিছিল।

ৰাষ্ট্ৰপতি মেকৰণে দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক সমৰ্থন কৰি ফ্ৰান্সত সংঘটিত হোৱা এনে আক্ৰমণক গৰিহনা দিয়ে।

ৰাষ্ট্ৰপতি মেকৰণ আৰু তেওঁৰ সহযোগী মন্ত্ৰী জেৰাৰ্ড ডাৰমেইনে বুধবাৰে আঠগৰাকীকৈ চি এফ চি এমৰ নেতাক সাক্ষাৎ কৰে।

সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই ইছলামৰ ৰাজনৈতিকৰণ আৰু বহিৰাগতৰ প্ৰভাৱ নসাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।

আনহাতে, ৰাষ্ট্ৰপতি মেকৰণে শীঘ্ৰে ফ্ৰান্সত ‘ইছলামিক বিচ্ছিন্নতাবাদী’ সকলক চিনাক্ত কৰি নিষিদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

মেকৰণে ইছলামক এটা ধৰ্ম হিচাপে উল্লেখ কৰি ফ্ৰান্সৰ নিয়ম অনুসৰিয়ে ইছলাম সকল চলিব লাগিব কোনোধৰণৰ সুকীয়া নিয়ম হ’ব নোৱাৰিব বুলি লগতে কয়।

তদুপৰি, বিদ্যালয়ত অধ্যয়ন কৰি থকা সকলো ছাত্ৰকে ৰাষ্ট্ৰীয় সূচাংক নম্বৰৰ সৈতে সংযুক্ত কৰা হ’ব বুলিও ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় সূচাংক নম্বৰৰ সৈতে সংযুক্ত নকৰা পৰিয়ালৰ লোক সকলে ছয়মাহ পৰ্যন্ত কাৰাবাস খাটিব লাগিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইছলামক ৰাজনীতিকৰণ কৰিব বিচৰা বিচ্ছন্নতাবাদী শক্তি সমূহৰ পাঁচবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে লগতে তেওঁলোকৰ নাগৰিকত্বও কাঢ়ি লোৱা হ’ব।

The post ফ্ৰান্সত মুছলমানৰ বাবে নতুন নিয়ম; গণতান্ত্ৰিক মূল্যবোধক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান ৰাষ্ট্ৰপতি মেকৰণৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3m6gGVn
via IFTTT

Comments