ফুটবলৰ ‘গোল্ডেন বয়’ ডিয়েগ’ মাৰাডোনা আৰু নাই, শোকস্তব্ধ বিশ্বৰ ক্ৰীড়া জগত

এটা অপ্ৰত্যাশিত দুঃখবৰে জোকাৰি গৈছে বিশ্বৰ ক্ৰীড়া জগতক।

কিংবদন্তী ফুটবলাৰ ডিয়েগ’ মাৰাডোনা আৰু নাই।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰসিদ্ধ ফুটবলাৰগৰাকীয়ে।

‘ঈশ্বৰৰ হাত’ৰ জৰিয়তে ১৯৮৬ চনত বিশ্বৰ ক্ৰীড়া জগতত খলকনি তোলা মাৰাডোনা যোৱা নিশা হঠাতে হৃদৰোগত আক্ৰান্ত হয়।

তেওঁক লগে লগে বুয়ৰ্নছ আয়াৰ্ছৰ এখন  চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ গৰাকীৰ মগজুত ৰক্ত ঘোটমৰাৰ ফলত যোৱা মাহত তেওঁৰ এটা অস্ত্ৰপোচাৰ কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিল যদিও যোৱা নিশা হঠাতে উশাহ লোৱাত কষট পাবলৈ ধৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।১৯৬০ চনৰ ৩০ অক্টোৱৰৰ দিনা আৰ্জেণ্টিনাৰ বূয়ৰ্নছ আয়াৰ্ছ প্ৰদেশৰ এখন চিকিৎসালয়ত জন্মগ্ৰহণ কৰা মাৰাডোনাই ১২ বছৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ লৈছিল।

ফিফাৰ প্লেয়াৰ অৱ দ্য ২০ চেঞ্চুৰী সন্মানেৰে সন্মানিত মাৰাডোনাই ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত ফিফা বিশ্বকাপত তেওঁৰ যাদুকৰী গ’লেৰে ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাক বিজয়ী কৰোৱাত সহায় কৰিছিল।

জীৱনকালত বহু বঁটা-সন্মানেৰে বিভূষিত মাৰাডোনাই ১৯৯৭ চনত খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও আৰ্জেণ্টিনা দলৰ প্ৰশিক্ষক হিচাবে তেওঁ বহু বছৰ কাৰ্যনিৰ্বাহ কৰে।

মাৰাডোনাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

ইংলেণ্ডৰ খেলুৱৈ মাৰকাছ ৰাছফোৰ্ডে মাৰাডোনাৰ ছবি এখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কিংবদন্তী খেলুৱৈ গৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

একেদৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰসিদ্ধ খেলুৱৈ তথা ক্লাবে মাৰাডোনাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

The post ফুটবলৰ ‘গোল্ডেন বয়’ ডিয়েগ’ মাৰাডোনা আৰু নাই, শোকস্তব্ধ বিশ্বৰ ক্ৰীড়া জগত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2HI9Lmw
via IFTTT

Comments