‘যুদ্ধৰ বাবে সাজু হোৱা’: ভাৰতে পুনৰ এপ নিষিদ্ধ কৰাৰ পিছতে PLA ক নিৰ্দেশ জিনপিঙৰ
পুনৰ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিলে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে।
লাডাখ সংকট চলি থকাৰ মাজতে ভাৰতে পুনৰ চীনৰ ৪৩ টাকৈ মোবাইল ফোনৰ এপ নিষিদ্ধ ঘোষণা কৰাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দেশ খনৰ সেনাক সামৰিক সামৰ্থ্য বৃদ্ধিৰ লগতে শত্ৰু পক্ষক পৰাভূত কৰিব পৰাকৈ যুদ্ধৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে।
চেণ্ট্ৰেল মিলিটেৰী কমিছনৰ এখন বৈঠকত অংশগ্ৰহণ কৰি জিনপিঙে কয় যে ভাৰতে বাৰম্বাৰ চীনৰ এপ নিষিদ্ধ কৰি বিশ্ব বাণিজ্য সংস্থাৰ নীতিকে উলংঘা কৰি আহিছে।
তেওঁ কয় যে ভাৰতে এতিয়ালৈকে চাৰি বাৰ চীনৰ এপ নিষিদ্ধ কৰিছে।এয়া আন্তঃৰাষ্ট্ৰীয় নীতিৰ পৰিপন্থী বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
ভাৰতৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত চীনে সদায় শান্তিপূৰ্ণ পন্থাত বিশ্বাস কৰে বুলি উল্লেখ কৰি জিনপিঙে কয় যে ভাৰতে চীনৰ কোম্পানীসমূহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বিধি মানি চলিলেহে দুয়ো খন দেশৰ সম্পৰ্ক মজবুত হৈ থাকিব।
উল্লেখ্য ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে অলপতে চীনৰ ৪৩ টা মোবাইল এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তথ্য প্ৰযুক্তি আইনৰ অধীনৰ ৬৯ (এ) ধাৰাৰ অধীনত এই মোবাইল এপ সমূহ দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে।
মূলতঃ দেশৰ সাৰ্বভৌমত্ত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা বিভিন্ন ধৰণৰ বিষয়বস্তু সন্নিবিষ্ট হোৱা বুলি কাৰণ দৰ্শাই ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই মোবাইল এপ কেইটা দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল।
ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে ২০২০ চনৰ ২৯ জুলাইত ৫৯ টা মোবাইল এপ আৰু ২০২০ চনত ১১৮ টা মোবাইল এপ দেশত নিষিদ্ধ কৰিছিল।
শেহতীয়াকৈ ভাৰতে জাৰি কৰা জাননী অনুসৰি দেশত নিষিদ্ধ হ’বলগীয়া এপ সমূহৰ ভিতৰত- লালামুভি ইণ্ডিয়া, আলিবাবা ৱৰ্কবেঞ্চ, এলিপে কেছিয়াৰ, এড’ৰ এপ, উই ৱৰ্ক চাইনা, উই টিভি লাইট, উই টিভি, মংগো টিভি, দিং টক, আইডেনটিটি ভি, হেপী ফিছ আদিয়েই প্ৰধান।
The post ‘যুদ্ধৰ বাবে সাজু হোৱা’: ভাৰতে পুনৰ এপ নিষিদ্ধ কৰাৰ পিছতে PLA ক নিৰ্দেশ জিনপিঙৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2V2WXtP
via IFTTT
Comments
Post a Comment