১মিনিটত ২৫খবৰ…

১

১. কোৰোনাত আক্ৰান্ত হৈ মঙলবাৰে অসমত ১৮গৰাকী লোকৰ মৃত্যু।

২. কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব বাসৱৰাজ এছ বোম্মাই- বাংগালুৰুত অনুষ্ঠিত বিধায়িনী বৈঠকত বোম্মাই নেতা নিৰ্বাচিত।

৩. সান্ধ্য আইনৰ সময়তো বিশ্বনাথত খোলা মন্ত্ৰীভাতৃৰ সুৰাবিপণী- বৰগাঙত মা কল্যাণী নামৰ সুৰাৰ দোকান খোলা সান্ধ্য আইনৰ সময়ত।

৪. মিজোৰাম সীমান্তত আহত দুজন জোৱানক অনা হৈছে GMCHলৈ- এয়াৰ এম্বুলেন্সৰে অনা হৈছে গুৰুতৰভাৱে আহত দুয়োকে।

৫. মিজোৰাম সীমান্তত গুলীবিদ্ধ হোৱা আৰু এজন জোৱান ছহিদ- চিকিত্সাধীন অৱস্থাত SMCHত মৃত্যু শ্যামাপ্ৰসাদ দুছাটৰ।

৬. মিজো আৰক্ষীৰ গুলীত উৰুত গুৰুতৰ আঘাত SPৰ। SP বৈভৱ নিম্বলকাৰৰ শৰীৰত চাৰিটাকৈ গুলীৰ আঘাত।

৭. মিজোৰ পিছত এইবাৰ অসমৰ ভূমি দখলৰ চেষ্টা মেঘালয়ৰ-অসমৰ ভূমিত বিদ্যুতৰ খুঁটা পুতিলে মেঘালয়ে।

৮. মিজোৰ পিছত এইবাৰ অসমৰ ভূমি দখলৰ চেষ্টা মেঘালয়ৰ। অসমৰ ভূমিত বিদ্যুতৰ খুঁটা পুতিলে মেঘালয়ে।

৯. সীমান্তৰ সংঘাত সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষ্য CRPFৰ DGৰ-সীমান্তত অসম আৰক্ষী-মিজো আৰক্ষীৰ সমুখসমৰ হৈছিল।

১০. অসম মিজোৰাম সীমান্তৰ সংঘৰ্ষক লৈ এতিয়া প্ৰতিক্ৰিয়া দল সংগঠনৰ।

১১. মিজো আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত অসম আৰক্ষী জোৱান গুপেন্দ্ৰ দাস-গুপেন্দ্ৰ দাসৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে

১২. খেলৰ পূৰ্বে লাভলীনাৰ পিতৃলৈ ফোন। ভিডিঅ’ কলিঙেৰে আশীৰ্বাদ ল’লে পিতৃ-মাতৃৰ।

১৩. সাৰ কেলেংকাৰি ৰোধৰ ক্ষেত্ৰত এতিয়াৰে পৰা ক্ষীপ্ৰ ব্যৱস্থা ল’ব ৰাজ্যৰ কৃষি বিভাগে।

১৪. বালিপৰাৰ বিভিন্ন অঞ্চলৰ চুলাই ঘাটিত আবকাৰী বিভাগৰ অভিযান-চুলাই ঘাটি উৎখাত কৰাৰ লগতে নষ্ট কৰে বৃহৎ পৰিমানৰ চুলাই

১৫. ৰূপৰ ৰাণী মীৰাবাঈ ছানু স্বগৃহত উপস্থিত-মীৰাবাঈক স্বগৃহত ৰাজকীয় আদৰণি।

১৬. মিজোৰাম সীমান্তৰ লায়লাপুৰৰ ঘটনা গৃহ মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ ব্যৰ্থতা বুলি অভিহিত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে বিৰোধীয়ে

১৭. পঞ্চায়তে পঞ্চায়তে এতিয়া দুৰ্নীতিৰ অভিযোগ। নগাঁৱৰ চামগুৰিৰ লাইলুৰীত পঞ্চায়ত সভাপতিৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে স্বয়ং শাসকীয় দলৰে সদস্য।

১৮. JMBৰে সম্পৰ্ক থকা গোচৰত ৬জনক কাৰাদণ্ড আদালতৰ-গুৱাহাটীৰ NIA আদালতে দুবছৰকৈ কাৰাদণ্ড বিহিলে ৬ JMBৰ সদস্যক।

১৯. অসম মিজোৰাম সীমান্তৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ-লাইলাপুৰৰ ভয়াৱহ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা।

২০. সোমবাৰৰ ঘটনাৰ পিছত আজিও অশান্ত হৈ আছে লাইলাপুৰ-ভাইৰাংটেৰ মিজোৰাম সীমান্ত।

২১. সোমবাৰৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম-মিজোৰাম সীমান্তত নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। এতিয়াৰ পৰা সীমান্ত সুৰক্ষাৰ দায়িত্বত থাকিব চাৰি হাজাৰ আৰক্ষী কামাণ্ডো।

২২. ধুবুৰীত ব্লেকমেনৰ উৰা বাতৰিৰ মাজতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বাধা দিছে একাংশ লোকে।

২৩. গুৱাহাটীৰ চন্দ্ৰপুৰত অব্যাহত ডাম্পিং গ্ৰাউণ্ডবিৰোধী প্ৰতিবাদ। মঙলবাৰে চাইকেল ৰেলী উলিয়াই বৃহত্তৰ অঞ্চলটোৰ মাজেৰে স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

২৪. বুধবাৰৰ পৰা ৰাজ্যত নতুন কোভিড SOP-৫ জিলাৰ পৰিৱৰ্তে সম্পূৰ্ণ কণ্টেইনমেণ্টত ২ জিলা

২৫. জোনাইত চুলাই, অৰুণাচলী সুৰাৰ ৱিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান। বিভিন্ন প্ৰান্তত অভিযান চলাই নষ্ট কৰে চুলাই প্ৰস্তুত কৰা সামগ্ৰী।

The post ১মিনিটত ২৫খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3l3LFDK
via IFTTT

Comments