মিজোৰাম সীমান্তৰ সংঘৰ্ষত শ্বহীদ জোৱানৰ সংখ্যা ৬জনলৈ বৃদ্ধি, দুুকুৰি জোৱান চিকিৎসাধীন…

ডিজিটেল ডেস্কঃ মিজোৰামৰ সীমান্তত যোৱা সোমবাৰে হোৱা সংঘৰ্ষৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে একেমুখে গৰিহণা দিছে মিজো প্ৰশাসন তথা আৰক্ষীক। মিজো আৰক্ষীৰ এই ধাৰাসাৰ গুলীবৰ্ষণত এতিয়ালৈকে শ্বহীদ হৈছে ৬গৰাকীকৈ অসম আৰক্ষীৰ জোৱান। অতি শেহতীয়াকৈ শ্বহীদ হোৱা জোৱান গৰাকীৰ নাম শ্যামাপ্ৰসাদ দুছাট।

এই সংঘৰ্ষত এগৰাকী স্থানীয় লোকৰো মৃত্যু হৈছিল। এই সমগ্ৰ ঘটনাৰ বাবে তীব্ৰ শংকাত দিন কটাইছে অসম সীমান্তত বাস কৰা লোকসকলে। তীব্ৰ উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে মঙলবাৰে শিলচৰত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰশাসনৰ সৈতে সমগ্ৰ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক হৈ পৰা মুখ্যমন্ত্ৰীয়ে কয়, ১ ইঞ্চিও ভূমি মিজোৰামক এৰি দিয়া নহয়। ইয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে তেওঁ।

নিহত সকলৰ পৰিয়াললৈ ৫০লাখ টকাৰ সাহায্য আৰু আহতসকলক ১লাখকৈ আৰ্থিক সাহায্যও কথাও ঘোষণা কৰে।উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীক এই ভ্ৰমণকালত সংগ দিয়ে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে সমগ্ৰ বিষয়ৰ ওপৰত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, বৰ্তমানেও ৪১গৰাকীকৈ আহত জোৱান চিকিতসাধীন হৈ আছে।

The post মিজোৰাম সীমান্তৰ সংঘৰ্ষত শ্বহীদ জোৱানৰ সংখ্যা ৬জনলৈ বৃদ্ধি, দুুকুৰি জোৱান চিকিৎসাধীন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3iVAQkt
via IFTTT
Comments
Post a Comment