মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত…

ডিজিটেল সংবাদ, ধেমাজিঃ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ এখনি কাৰ্য্যনিৰ্বাহক সভা বুধবাৰে পুৱা ১১ বজাত আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হয় ৷ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন্দ টাইডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলেয়ে ৷ সভাই মিচিং ভাষাক নিম্ন প্ৰাথমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে অতি শীঘ্ৰেই প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে ৷
আলোচনা ক্ৰমে সভাই মিচিং সাহিত্য সভাকে ধৰি সকলো মিচিং জাতীয় সংগঠন সমূহে ১৯৭৯ চনৰ পৰাই মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে ৷ এনেদৰে দাবী জনাই অহা পিছতো চৰকাৰে আজিকোপতি কোনো গুৰুত্ব নিদিয়াত সভাই উদ্বেগ প্ৰকাশ কৰে ৷ মিচিং জাতিটোৰ আশা- আকাংক্ষা পূৰ্ৰণ কৰাৰ সলনি চৰকাৰে শেহতীয়াকৈ জনজাতীয় ভাষাসূহক Bridging Language বা Material হিচাপে প্ৰৱৰ্তন কৰিব খোজা কাৰ্যক কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি সভাই মতপোষণ কৰে ৷ ইফালে, মিচিংসকলে অসমীয়া মূলসূঁতিৰ লগত থাকি মিচিং ভাষাক জীয়াই ৰখাৰ স্বাৰ্থত নিম্ন প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ পূৰ্বৰ পৰাই আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিয়ে দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কেইে ব্যৱস্হা ৰাখিছে৷
উল্লেখযোগ্য যে, তদানীন্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিএম পি কেৰ সোনালী জয়ন্তী বৰ্ষ শুভাৰম্ভণী( ২০২১) অনুষ্ঠানত মিচিং ভাষাকে ধৰি অসমৰ জনজাতীয় মাতৃ ভাষাসমূহক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা হ’ব বুলি সজোৰে ঘোষণা কৰাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে বিগত হৈ যোৱা কেবাটাও নিৰ্বাচনী ভাষনত এই কথা ঘোষণা কৰিছিল ৷ সভাই কথা মতে কাম কৰা বুলি সুনাম থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিজৰ প্ৰতিশ্ৰুতি পালন কৰি ২০২২ শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাক প্ৰাথমিক পৰ্য্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব বুলি মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাই দাবী উথাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে ৷
লগতে সভাই মুখ্যমন্ত্ৰী গৰাকীক মিচিং ভাষাত উপযুক্ত শিক্ষা প্ৰদানৰ বাবে পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি দিবলৈও আহ্বান জনায় ৷ সভাত মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ক্ৰমে ডাঃ ঘন দলে , ডাঃ অনিল পেগু আৰু ধনপ্ৰভা মিলি টাও , কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ক্ৰমে ভৰত মিলি , ড° সুৰজিত দলে , জয়ন্ত কামান , পৰমানন্দ মিলি আৰু মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি হৰিনাৰায়ণ পেগু উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত কেবাটাও সংগঠন টোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা আৰু প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰক শীঘ্ৰেই কাৰ্য্যকৰী কৰিবলৈ দাবী জনায় ৷
সভাৰ মাজতে এক প্ৰস্তাৱ যোগে যোৱা ২৬ জুলাইত অসম – মিজোৰাম সীমান্তত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত ছয়জন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিক নিহত হোৱা ঘটনাৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে দুৰ্বত্তক তীব্ৰ ভাষাৰে দিয়া হয় আৰু নিহত সকলৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ লগতে অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ দুয়োকে শান্তিপূৰ্ণভাবে সীমা বিবাদ মীমাংসা কৰিবলৈ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিয়ে অনুৰোধ জনায়৷
The post মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VcHN8K
via IFTTT
Comments
Post a Comment